ETV Bharat / state

ভাৰত বাংলা সীমান্তত ড্ৰাগছ বিৰোধী অভিযানঃ আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী - Drugs seized By Police At Dhubri

ধুবুৰীৰ ভাৰত বাংলা সীমান্তত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ অভিযানত দুজন ড্ৰাগছ সৰহবৰাহকাৰী পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জাতীয় টেবলেট আৰু কফ চিৰাফ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।

ভাৰত বাংলা সীমান্তত আৰক্ষীৰ জালত দুই ড্ৰাগছ সৰবৰাহকাৰী
author img

By

Published : Oct 6, 2019, 5:14 PM IST

Updated : Oct 6, 2019, 5:51 PM IST

ধুবুৰী, 6 অক্টোবৰঃ ধুবুৰীৰ ভাৰত বাংলা সীমান্তত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ এই অভিযানত ড্ৰাগছসহ দুজন সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷

দীৰ্ঘ দিনৰে পৰা ভাৰত বাংলা সীমান্তৰ ধুবুৰী দক্ষিণ শালমাৰা আৰু মানকাচাৰ জিলাত ড্ৰাগছৰ ৰমৰমীয়া বেহা অব্যাহত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে । সেই অভিযোগৰ ভিত্তিতে মানকাচাৰ সীমা সুৰক্ষা বাহিনী আৰু আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে যৌথ অভিযান চলায় । অভিযানত দুজন ড্ৰাগছ সৰবৰাহকাৰী পৰা 2000 টা নিচাজাতীয় YABA টেবলেট আৰু বৃহৎ পৰিমাণৰ কফ চিৰাফ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । লগতে এখন AS-01DJ- 3426 নম্বৰৰ এখন মটৰ ছাইকেলো জব্দ কৰে আৰক্ষীয়ে ।

আৰক্ষীয়ে আটক কৰা ধৃত যুৱক দুজন মানকাচাৰ কলেজ নগৰৰ দুধু মিঞা (30) আৰু ঠাকুৰাণবাৰীৰ ইকতেবাৰ ৰহমান (27)। অধিক তথ্যৰ বাবে ধৃত যুৱকদ্বয়ক মানকাচাৰ থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । আনহাতে মানকাচাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আন এটা অভিযান চলাই কিছু পৰিমাণৰ ড্ৰাগছ জাতীয় কফ চিৰাপ জব্দ কৰিবলৈ সক্ষম হয়।

Intro:ভাৰত বাংলা সীমান্তত ড্ৰাগছৰ ৰমৰমীয়া বেহা। মানকাচৰৰ পৃথক দুটা স্থানত আৰক্ষী আৰু বি এছ এফৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ দুজনক আটক।Body: অসম বাংলাদেশ সীমান্তৰে ড্ৰাগছৰ ৰমৰমীয়া বেহা। মানকাচৰ সীমান্ত সুৰক্ষা বাহিনী আৰু আৰক্ষীৰ ড্ৰাগছ জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান। অভিযানত দুজন যুৱকসহ বৃহৎ পৰিমাণৰ ড্ৰাগছজাতীয় টেবলেট আৰু কফ চিৰাফ জব্দ। উল্লেখযোগ্য যে, প্ৰথমে যুৱক দুজনে ব্যবহাৰ কৰা ইয়ামাহা AS-01DJ- 3426 নম্বৰৰ মটৰ ছাইকেলৰ পৰা নিচাজাতীয় 2000 টা YABA টেবলেট উদ্ধাৰ কৰা হয়। ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত আটক কৰা যুবক দুজন মানকাচৰৰ কলেজ নগৰৰ দুধু মিঞা (30) আৰু ঠাকুৰাণবাৰীৰ ইকতেবাৰ ৰহমান (27)। অধিক তথ্যৰ উদ্ঘাটনৰ বাবে যুৱক দুজনক মানকাচৰ থানাত জেৰা চলোৱা হয়। জেৰাৰ অন্তত হাটশিঙিমাৰী আদালতত হাজিৰ কৰা ধৃত যুৱকদ্বয়ক।
আনহাতে মানকাচৰৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ দাসে আন এটা অভিযান চলাই কিছু পৰিমাণৰ ড্ৰাগছ জাতীয় কফ চিৰাপ জব্দ কৰিবলৈ সক্ষম হয়।Conclusion: লক্ষণীয় বিষয় যে, দীৰ্ঘ দিনৰে পৰা ভাৰত বাংলা সীমান্তৰ ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাত একাংশই ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই গৈছে। আনকি নিতৌ বাংলাদেশলৈ চোৰাং চালান দিয়া হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। যদিওঁ এই ক্ষেত্ৰত আৰক্ষীৰ ফালৰ তেনে অভিযান চলোৱা পৰিলক্ষিত হোৱা নাই।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
Last Updated : Oct 6, 2019, 5:51 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.