পূৱ বিলাসীপাৰা,20 এপ্ৰিল: পূৱ বিলাসীপাৰাৰ চাপৰৰ বহলপুৰৰ নাথপাৰাত 4 আৰু 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে ক্ৰমে শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভূৰ মহোৎসৱৰ লগতে মা বাসন্তী পূজা ৷ সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি অনুষ্ঠিত কৰা হৈছে পূজা দুভাগ ৷ 18-21 এপ্ৰিললৈ অনুষ্ঠিত শ্ৰীশ্ৰীজগন্নাথ মহাপ্ৰভূৰ পূজাৰ লগত সংগতি ৰাখি উদযাপন সমিতিয়ে আয়োজন কৰিছে প্ৰাইজমানি বুগী-উগী নৃত্য প্ৰতিযোগিতা ৷
ভকতগাঁৱত 5 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বাসন্তী পূজাৰ লগত সংগতি ৰাখি উদযাপন সমিতিয়ে আয়োজন কৰিছে বিশেষ সাংস্কৃতিক সন্ধিয়া ৷ এই পূজাভাগত সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে উপস্থিত থাকিব গুৱাহাটীৰ আমন্ত্ৰিত শিল্পী ধীৰামনি মজুমদাৰ আৰু সৌৰভ ৷
![ক'ভিড প্ৰট'কল মানি চাপৰত অনুষ্ঠিত হৈছে দুখনকৈ পূজা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-blp-east-19april-801806-puja-photovisualbyte-asc10022_19042021190517_1904f_1618839317_438.jpg)
লগতে পঢ়ক: আকৌ লক ডাউন ! কাইলৈ সিদ্ধান্ত ঘোষণা কৰিব ৰাজ্যৰ মুখ্য সচিবে