ধুবুৰী, 8 ফেব্ৰুৱাৰী: ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা ৷ দেওবাৰে নিশা ধুবুৰী জিলাৰ আগমনি থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তৰ ঝসকাল তৃতীয় খণ্ড গাঁৱত আৰক্ষীয়ে জব্দ কৰে 21 টা গৰুসহ এখন ট্ৰাক ৷ পশ্চিমবংগৰ পৰা দিনৰ ভাগতে AS-17CC-2319 নম্বৰৰ এখন ট্ৰাকেৰে 21 টা গৰু লৈ বাংলাদেশলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে ঝসকাল গাঁৱত প্ৰৱেশ কৰিছিল ট্ৰাকখন ৷ কিন্তু দুৰ্ভাগ্যক্ৰমে ট্ৰাকখন বালিত লাগি ধৰাত গৰুবোৰ নমাবলৈ বাধ্য হয় ৷ 21 টা গৰু একেলগে ট্ৰাকখনৰ পৰা নমোৱা দেখি ৰাইজৰ সন্দেহ উপজে আৰু আগমনি আৰক্ষীক খবৰ দিয়ে ৷
উল্লেখ্য যে,লগে লগে অঞ্চলটোত আৰক্ষীৰ দল উপস্থিত হৈ গৰু কেইটা উদ্ধাৰ কৰাৰ লগতে ট্ৰাকখন জব্দ কৰে ৷ ইফালে ধুবুৰীৰ মাজেৰে গৰু চোৰৰ চোৰাং বেহা বন্ধ হোৱা বুলি বিভিন্ন পক্ষই দাবী কৰাৰ সময়ত দিন দুপৰতে গৰু জব্দ হোৱা ঘটনাই সচেতন মহলত প্ৰশ্নৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়ক: মৰিগাঁৱত জৈৱিক সাৰ প্ৰয়োগৰ ওপৰত সজাগতা সভা