ETV Bharat / state

ধুবুৰীত কাঠভৰ্তি ট্ৰাক জব্দ

author img

By

Published : May 10, 2021, 7:00 AM IST

ধুবুৰীৰ গৌৰীপুৰত আৰক্ষীৰ অভিযানত এখন কাঠভৰ্তি ট্ৰাক জব্দ । AS01 JC 9610 নম্বৰৰ এই ট্ৰাকখনত বৃহৎ পৰিমাণৰ বহু মূল্যৱান কাঠ থকাৰ লগতে কোনো চালান অবিহনে মেঘালয়ৰ পৰা বিনা বাধাই প্ৰায় ২০ খন থানা পাৰ হৈ অৱশেষত গৌৰীপুৰত আটক হয় ।

ধুবুৰীত কাঠভৰ্তি ট্ৰাক জব্দ
ধুবুৰীত কাঠভৰ্তি ট্ৰাক জব্দ

ধুবুৰী, 10 মে’: ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীৰ অভিযানত এখন কাঠভৰ্তি ট্ৰাক জব্দ । মেঘালয়ৰ পৰা প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন ঠাইত কাঠৰ বৃহৎ ছিণ্ডিকেট চলিছে । জানিব পৰা মতে, এই ছিণ্ডিকেটত আৰক্ষীৰ বহু বিষয়া কৰ্মচাৰীৰ লগতে বৰপেটাৰোডৰ এজন কুখ্যাত ব্যক্তি জড়িত আছে । কাঠ আনিবলৈ সেই বিশেষ ব্যক্তি গৰাকীৰ অনুমতিৰ লগতে ধন দিব লাগে । যাৰ বাবে এই বৃহৎ ছিণ্ডিকেটো একাংশ বৈধ ভাবে ব্যৱসায় কৰা কাঠ ব্যৱসায়ীৰ বাবে ভাবুকি হৈ পৰিছে ।

ধুবুৰীত কাঠভৰ্তি ট্ৰাক জব্দ
ধুবুৰীত কাঠভৰ্তি ট্ৰাক জব্দ

দেওবাৰে ধুবুৰীৰ গৌৰীপুত একাংশ ব্যৱসায়ীৰ হেঁচাত আৰক্ষীয়ে অভিযান চলাই এখন কাঠভৰ্তি ট্ৰাক আটক কৰে । AS01 JC 9610 নম্বৰৰ এই ট্ৰাকখন বৃহৎ পৰিমাণৰ বহু মূল্যৱান কাঠ থকাৰ লগতে কোনো চালান অবিহনে মেঘালয়ৰ পৰা বিনা বাধায় প্ৰায় ২০ খন থানা পাৰ হৈ অৱশেষত গৌৰীপুৰত আটক হয় । অতিৰিক্ত বোজা কঢ়িয়াই অনা তথা চৰকাৰী ৰাজহ ফাকি দিয়া এই ট্ৰাকখন কোনো এখন থানাতেই ৰখাবলৈ সাহস নকৰিলে ।

উল্লেখ্য যে, ট্ৰাকখনেৰে গৌৰীপুৰৰ এজন চোৰাং কাঠ মাফিয়াই অবৈধ কাঠসমূহ আনিছিল বুলি জানিব পৰা গৈছে । দীৰ্ঘদিন ধৰি চোৰাং কাঠ মাফিয়া জনে জিএছটি ফাকি দি অত্যাধিক বোজা কঢ়িয়াই আনি অবাধ কলা সম্পত্তিৰ সাম্ৰাজ্য গঢ়াৰো অভিযোগ উত্থাপন কৰে । আনফালে, গৌৰীপুৰ আৰক্ষীয়ে সম্প্ৰতি অধিক তথ্য উদ্ঘাটনৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : কাছাৰত হেৰ’ইনসহ আটক যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.