ধুবুৰী, 6 জানুৱাৰী: ধুবুৰীত ঘটিল এক নজিৰবিহীন ঘটনা ৷ ৰাজনৈতিক সভাৰ বাবে শাসকীয় দলে বন্ধ কৰিলে তিনিখনকৈ বিদ্যালয়ৰ পাঠদান ৷ ৰাজ্যৰ শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে দম্ভালি মাৰি শিক্ষা খণ্ডৰ উন্নয়নৰ কথা কৈ থকাৰ সময়তে বিজেপি দলৰ দলীয় সভাৰ বাবে বন্ধ কৰি ৰাখিলে ধুবুৰীৰ তিনিখনকৈ বিদ্যালয়ৰ পাঠদান কাৰ্যসূচী ৷ কণ কণ শিক্ষাৰ্থীৰ মৌলিক অধিকাৰ খৰ্ব কৰি বিদ্যালয় বন্ধ ৰাখি শাসকীয় দলে ধুবুৰীৰ ধৰ্মশালা অঞ্চলৰ কাছাৰীহাটত অনুষ্ঠিত কৰিলে এক বিশাল ৰাজহুৱা সভা ৷
কাছাৰীহাট মধ্য ইংৰাজী বিদ্যালয়, ৪৮ নং শৌলমাৰী এল পি স্কুল আৰু প্যাৰীমোহন উচ্চ ইংৰাজী বিদ্যালয়ত পাঠদান চলি থকাৰ সময়তে উচ্চ প্ৰাবল্যৰ ডিজে লগাই নৃত্য, গীত পৰিৱেশন কৰি ৰাইজক আকৰ্ষণ কৰাৰ চেষ্টা কৰাৰ বাবে আধাতে পাঠদান সামৰিব লগা হ'ল ৷
![Three school closed for BJP meeting](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dhb-02-6jan-school-closed-for-bjp-meeting-visbyte-as10041_06012021180618_0601f_02641_906.jpg)
![Three school closed for BJP meeting](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dhb-02-6jan-school-closed-for-bjp-meeting-visbyte-as10041_06012021180618_0601f_02641_1070.jpg)
উল্লেখ্য যে, দিনৰ প্ৰায় আঢ়ৈ মান বজাত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, জিলা সভাপতি ডাঃ দেৱময় সান্যাল আৰু বিধায়ক অশ্বিনী ৰায় সৰকাৰৰ উপস্থিতিত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাখনত কিতাপ বেগ লৈ স্কুলীয়া ইউনিফৰ্ম পিন্ধিয়েই সভাস্থলীত উপস্থিত হয় বিদ্যালয় সমূহৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকল ৷ প্যাৰীমোহন উচ্চ ইংৰাজী বিদ্যাপীঠৰ খেলপথাৰত সভা অনুষ্ঠিত কৰিছে যদিও এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ পৰা কোনো অনুমতি লোৱা নাই বুলিও উল্লেখ কৰে বিদ্যালয়ৰ শিক্ষক আৰু কৰ্মচাৰীয়ে ৷
![Three school closed for BJP meeting](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dhb-02-6jan-school-closed-for-bjp-meeting-visbyte-as10041_06012021180618_0601f_02641_1088.jpg)
ইয়াৰোপৰি ক'ভিড প্ৰটকল ভংগ কৰি বিশাল ৰাজহুৱা সভা অনুষ্ঠিত কৰা বিজেপিয়ে দেখুৱালে আন এক ছবি। বিদ্যুৎ পৰিবাহী তাৰত হুক লগাই সভাস্থলীত বিদ্যুৎ সংযোগ কৰি উচ্চ ক্ষমতা সম্পন্ন ডি জে আৰু মাইক ব্যৱহাৰ কৰিলে শাসকীয় দলৰ ৰাজহুৱা সভাত ৷
![Three school closed for BJP meeting](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dhb-02-6jan-school-closed-for-bjp-meeting-visbyte-as10041_06012021180618_0601f_02641_383.jpg)
এতিয়া প্ৰশ্ন হয়, কেৱল শাসকীয় দল হোৱা বাবেই সকলো নীতি নিয়ম উলংঘা কৰি ৰাজহুৱা সভা অনুষ্ঠিত কৰিব পাৰে নেকি ? ধুবুৰীত বিজেপিৰ এনে ঘটনা সংঘটিত হোৱাৰ বাবে সচেতন মহলত সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ । একাংশৰ প্ৰশ্ন তিনিখনকৈ বিদ্যালয়ৰ পাঠদান বন্ধ কৰি ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ অনুমতি কোনে দিলে ?
লগতে পঢ়ক: মাজুলীৰ স্বাস্থ্যখণ্ডক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল