ধুবুৰী, 24 এপ্ৰিল: নিষিদ্ধ মৌলবাদী সংগঠন আনছাৰুল্লা বাংলা টীমৰ তিনি সদস্যক গ্ৰেপ্তাৰ ৷ ধুবুৰীত আৰক্ষীৰ জালত পৰে এই তিনি সদস্য ৷ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ নিষিদ্ধ মৌলবাদী সংগঠন আনছাৰুল্লা বাংলা টীম চমুকৈ ABT ৰ ৩ জনকৈ সদস্যক যোৱা নিশা আৰু সোমবাৰে ৰাতিপুৱা ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এই তিনি সদস্যক ৷ উক্ত ঘটনাই ধুবুৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে (ABT members arrested in Dhubri) ।
সোমবাৰে ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনে তেওঁৰ কাৰ্যালয়ৰ কক্ষত আয়োজন কৰা এখন সংবাদমেলৰ জৰিয়তে এই কথা সদৰী কৰে ৷ জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে, ধুবুৰীৰ বগুলামাৰীৰ ছফিকুল ইছলাম(২৫), ধুবুৰীৰ সস্তাৰঘাটৰ মোজাহিদুল মণ্ডল(২৫) আৰু ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ টাকীমাৰীৰ বাদশ্বাহ শ্বেখ নামৰ তিনিজন ব্যক্তিক মৌলবাদী সংগঠন আনছাৰুল বাংলা টীমৰ সৈতে জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছে । আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে তেওঁ (bangladesh organistion ABT members arrested) ।
ইয়াৰ পূৰ্বেও অসমৰ বিভিন্ন ঠাইত ABT ৰ সদস্য আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷ কেইবাখনো মাদ্ৰাছাত ABT ৰ সদস্যই শিক্ষকতা কৰি থকাৰো প্ৰমাণ পোৱা গৈছিল ৷ আনছাৰুল্লা বাংলা টীম আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠন অল কায়েদাৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত (ABT linked with Al Qaeda) ৷
এই কথা উল্লেখ কৰি জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে, ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা উক্ত মৌলবাদী সংগঠনৰ সদস্য ৩ জনৰ পৰা ম'বাইল ফোন, লেপটপকে ধৰি কিছু সংখ্যক আপত্তি জনক নথি পত্ৰ উদ্ধাৰ কৰিছে । এই তিনিজন সদস্যৰ সৈতে আন কেইবাজনো গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে (bangladesh organistion ABT) ।
লগতে পঢ়ক : Prostitution in Barpeta: বৰপেটাৰোডত যুৱতীক প্ৰহাৰ কৰি আইনৰ ৰোষত তথাকথিত সমাজ সচেতন যুৱকৰ দল