ETV Bharat / state

আৰক্ষী বিষয়াৰ ঘৰত চোৰে চলালে হাত চাফাই - Theft at police officer house

সধাৰণ জনতা নহয় এইবাৰ আৰক্ষী বিষয়াৰ ঘৰক লক্ষ্য কৰি লৈছে চোৰে ৷ পূৱ বিলাসীপাৰাৰ চাপৰত এগৰাকী আৰক্ষী বিষয়াৰ ঘৰত চোৰে অভিযান চলোৱাৰ পাছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷ চোৰ বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

theft-at-police-officer-house-in-sapor
আৰক্ষী বিষয়াৰ ঘৰত চলিল চোৰৰ অভিযান
author img

By

Published : Jul 4, 2021, 9:05 PM IST

পূৱ বিলাসীপাৰা, 3 জুলাই : ৰাজ্যত অব্যাহত থকা ক'ভিড সৃষ্ট পৰিৱেশৰ মাজতে ক্ৰমাৎ ভয়াৱহভাৱে বৃদ্ধি পাইছে চুৰি, ডকাইতিকে আদি কৰি বিভিন্ন অপৰাধজনিত ঘটনা ৷ ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা ক'ভিড নীতি তথা লক-ডাউনৰৰ সুযোগ গ্ৰহণ কৰি বিভিন্ন অপৰাধজনিত ঘটনা সংঘটিত কৰিছে একাংশ দুষ্ট লোকে ৷ ইয়াৰ মাজতে পূৱ বিলাসীপাৰাৰ চাপৰত এজন আৰক্ষী বিষয়াৰ ঘৰতে লুটপাত চলালে চোৰে ৷ চাপৰ আৰেয়াৰঝাৰত সংঘটিত হৈছে এই চুৰিকাণ্ড ৷

প্ৰাপ্ত খবৰ অনুসৰি, ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটি নিলে আৰক্ষী বিষয়া গৰাকীৰ ঘৰৰ সা-সম্পত্তি ৷ ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত আৰেয়াৰঝাৰস্থিত আৰক্ষী বিষয়াৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে লুটি নিলে নগদ ধন সহ বহু সা-সামগ্ৰী ৷ জানিব পৰা মতে আৰেয়াৰঝাৰৰ বাসিন্দা তথা বৰ্তমান তামুলপুৰত কৰ্মৰত মহকুমা আৰক্ষী বিষয়া(SDPO)ৰূপজ্যোতি কলিতাৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে চলালে অভিযান ৷

আৰক্ষী বিষয়াৰ ঘৰত চলিল চোৰৰ অভিযান

উল্লেখ্য যে, ৰূপজ্যোতি কলিতাৰ খুৰাক দিলীপ কলিতাই উক্ত ঘৰখনৰ চোৱা চিতা কৰে ৷ আন দিনৰ দৰে দেওবাৰেও দিনৰ 11 মান বজাত ঘৰখন চোৱা চিতাৰ বাবে ঘৰখনত উপস্থিত হয় দিলীপ কলিতা ৷ কিন্তু উপস্থিত হৈয়ে ঘৰৰ দুৱাৰৰ তলা ভাঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে দিলীপ কলিতা ৷ পিছত ওচৰ চুবুৰীয়াক খবৰ দিয়াত সকলোৱে উপস্থিত হৈ ঘৰৰ আলমিৰাটো ভঙা প্ৰতক্ষ্য কৰি চুৰি কাণ্ড সংঘটিত হোৱা বুলি অনুমান কৰে ৷

ৰূপজ্যোতি কলিতাৰ আত্মীয়ই জানিবলৈ দিয়া মতে চোৰে নগদ দহ হাজাৰ টকা আৰু কাঁহৰ বাচন-বৰ্তন লুটি নিয়ে ৷ ঘৰৰ গৰাকী ঘৰখনত উপস্থিত হ’লেহে জানিব পৰা যাব চুৰি হোৱা সামগ্ৰীৰ প্ৰকৃত তথ্য ৷ ঘটনাস্থলীত চাপৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷

লগতে পঢ়কঃ কেৱল ৰেকৰ্ডৰ বাবেই জেঠী-মকৰা ভক্ষণ এজন যুৱকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.