ETV Bharat / state

বন বিভাগৰ অভিযানত জব্দ লক্ষাধিক মূল্যৰ চেগুণ কাঠ

author img

By

Published : Aug 4, 2020, 1:09 PM IST

ধুবুৰীৰ চাপৰৰ অন্তৰ্গত মাজেৰগাঁৱত অভিযান বন বিভাগৰ ৷ এই অভিযানত জব্দ হৈছে প্ৰায় ডেৰ লক্ষাধিক টকাৰ বৃহৎ পৰিমাণৰ চেগুন কাঠ ৷ বন বিভাগৰ অজ্ঞাতে একাংশ অসাধু ব্যৱসায়ীয়ে দীৰ্ঘদিনে চলাই আহিছিল চেগুণ কাঠৰ চোৰাং ব্যৱসায় ৷

The timber worth lakhs was seized during the operation of forest department sapor dhubri assam etv bharat news
চেগুণ কাঠ জব্দ

পূৱ বিলাসীপাৰা,৪ আগষ্ট: ধুবুৰী জিলাৰ পূৱ বিলাসীপাৰাত দীৰ্ঘদিনে বন বিভাগৰ অজ্ঞাতে চলি আহিছিল চেগুণ কাঠৰ চোৰাং বেহা ৷ বন বিভাগে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত এই খবৰ লাভ কৰাৰ পিছতে চলাই এক অভিযান ৷ পূৱ বিলাসীপাৰাৰ অন্তৰ্গত চাপৰৰ মাজেৰগাঁৱত বন বিভাগে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ চেগুন কাঠ ৷

বন বিভাগৰ অভিযানত জব্দ চেগুণ কাঠ

উল্লেখ্য যে, মাজেৰগাঁৱৰ ইয়াচুৰ ৰহমান আৰু সহিদুল ইছলামৰ ঘৰত চাপৰৰ চক্ৰ বিষয়া আৰু বহলপুৰ আঞ্চলিক বন বিষয়াই যৌথ অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় উক্ত কাঠখিনি ৷ অভিযানকাৰী দলটোৱে জব্দ কৰা কাঠখিনিৰ মূল্য প্ৰায় ডেৰ লক্ষাধিক টকা হোৱাৰ কথা প্ৰকাশ কৰে বন বিষয়াগৰাকীয়ে ৷ জব্দ কৃত কাঠখিনি সম্প্ৰতি বহলপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত ৰখা হৈছে ৷

লগতে চাওকঃ কাছাৰৰ কাটাখাল ফেৰিঘাটত কুৰুক্ষেত্ৰ যজ্ঞ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.