ETV Bharat / state

একে লগে বিদ্যুৎ সংযোগ হেৰুৱালে এখন গাঁৱৰ গঞাই

author img

By

Published : Jun 28, 2021, 10:14 PM IST

বিদ্যুৎ চুৰি তথা বিদ্যুতৰ মাচুল পৰিশোধ নকৰা পৰিয়াল সমূহৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ ৷ সময় মতে যাতে সকলোৱে বিদ্যুতৰ মাচুল পৰিশোধ কৰে তাৰ বাবে ন-ন পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰ তথা শক্তি বিভাগে ৷ ইয়াৰ মাজতে চাপৰ বিদ্যুৎ উপ-সংমণ্ডলৰ কাণ্ডই চকু কপালত তুলিছে সচেতন ৰাইজৰ ৷

the-strangeness-of-the-power-sub-division-of-sapor
চাপৰ বিদ্যুৎ উপ-সংমণ্ডলৰ আজৱ কাণ্ড !

পূৱ বিলাসীপাৰা, 28 জুন : ৰাজ্যৰ নতুন শক্তিমন্ত্ৰী হিচাপে বিমল বৰাই দায়িত্ব ভাৰ গ্ৰহণ কৰা পাছৰে পৰাই অধিক কঠোৰ হৈছে বিদ্যুৎ বিভাগ ৷ বিশেষকৈ অনাদায় বিদ্যুৎ বিল, বিদ্যুৎ চুৰিৰ বিৰুদ্ধে সৰৱ হৈছে বিদ্যুৎ বিভাগ ৷ ইয়াৰক মাজতে বিদ্যুৎ বিল আদায় কৰিবলৈ এতিয়া চাপৰ বিদ্যুৎ উপ-সংমণ্ডলে সংঘটিত কৰিছে নাভূত নাশ্ৰুত কাণ্ড ৷

অভিযোগ মতে, ধুবুৰী জিলাৰ চাপৰৰ দুধনাথ গাঁৱৰ একাংশ ব্যক্তিয়ে বিদ্যুতৰ মাচুল আদায় নিদিয়াৰ বাবে এতিয়া সমগ্ৰ গাঁওখনৰে বিদ্যুৎ সংযোগ কৰ্তন কৰিছে চাপৰ বিদ্যুৎ উপ-সংমণ্ডলে ৷ এই কাণ্ডত আচৰিত হৈছে সমগ্ৰ গাঁওবাসী ৷ উপায়ন্তৰ হৈ শক্তি বিভাগৰ এই কাৰ্যৰ বিৰুদ্ধে চাপৰৰ দুধনাথ গাঁৱৰ ৰাইজে সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্যসূচী ৷

চাপৰ বিদ্যুৎ উপ-সংমণ্ডলৰ আজৱ কাণ্ড !

উল্লেখ যে, যোৱা 16 জুন তাৰিখৰ পৰা গাঁৱখনৰ সম্পূৰ্ণ বিদ্যুৎ সংযোগ কৰ্তন কৰিছে বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে ৷ যাৰ ফলত গাঁওখনৰ ছাত্ৰ-ছাত্ৰী সকলে অনলাইন (Online) পাঠদানৰ পৰা বঞ্চিত হ'ব লগা হৈছে ৷ ইফালে প্ৰচণ্ড গৰমে জলা-কলা খুৱাইছে গাঁওবাসীক ৷ উপায়ন্তৰ হৈ ৰাইজে চাপৰ বিদ্যুৎ উপ-সংমণ্ডলক এই বিষয়ে লিখিত অভিযোগ দিয়াৰ পিছতো আজি লৈকে বিদ্যুৎ বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ চাপৰ বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যত অতীষ্ঠ হৈ অৱশেষত উপসংমণ্ডলৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে ভুক্তভোগী ৰাইজে ৷

সোমবাৰে চাপৰ বিদ্যুৎ উপসংমণ্ডলৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি তথা বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷ ৰাইজৰ দাবী, যিসমূহ পৰিয়ালে বিদ্যুতৰ মাচুল নিয়মীয়াকৈ পৰিশোধ কৰি আছে সেই সমূহ পৰিয়ালত অচিৰেই বিদ্যুতৰ সংযোগ ঘূৰাই দিব লাগে চাপৰ বিদ্যুত উপ-সংমণ্ডলে ৷ অন্যথা ইয়াতকৈ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে ভুক্তভোগী ৰাইজে ৷

উল্লেখনীয় যে,পুনৰ বাৰ শাসনলৈ অহা বিজেপি নেতৃত্বাধীন চৰকাৰখনে দায়িত্বভাৰ গ্ৰহণ কৰা পাছৰে পৰা বিদ্যুৎ চুৰি তথা বিদ্যুতৰ মাচুল পৰিশোধ নকৰা পৰিয়াল সমূহৰ বিৰুদ্ধে গ্ৰহণ কৰিছে কঠোৰ নীতি ৷ শেহতীয়াকৈ বিদ্যুতৰ মাচুল পৰিশোধ নকৰা চৰকাৰী কৰ্মচাৰী সকলৰ মাহেকীয়া দৰমহা বন্ধ ৰখাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ৷

লগতে পঢ়কঃ চিৰাঙত প্ৰাক্তন NDFB সদস্যৰ দক্ষতা বিকাশ প্ৰশিক্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.