ধুবুৰী, 19 আগষ্ট: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলাতো উদ্বেগজনক ভাবে বৃদ্ধি পাইছে কৰ’ণাক্ৰান্ত ৰোগীৰ সংখ্যা । বুধবাৰে ধুবুৰী জিলাখনত নতুনকৈ ৩০ গৰাকী লোকৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷ স্বাস্থ্য বিভাগৰ এটি বিশেষ সূত্ৰয়ে জানিবলৈ দিয়ে এই কথা ৷ জিলাখনত এই পৰ্যন্ত ক'ভিড-19 ত আক্ৰান্ত হৈছে মুঠ 2164 গৰাকীকৈ লোক । অৱশ্যে ইয়াৰে 1721 গৰাকী লোক সুস্থ হৈ উঠাৰ বিপৰীতে বৰ্তমানে চিকিৎসাধীন অৱস্থাত আছে 443 গৰাকী ।
ইপিনে বুধবাৰে ধুবুৰী চহৰত 186 গৰাকী লোকক ৰেপিড এন্টিজেন টেষ্ট কৰা হয় । য’ত 6 গৰাকীকৈ লোকৰ দেহত ধৰা পৰে ক’ভিড ভাইৰাছৰ অৱস্থিতি ৷ ইয়াৰে ভিতৰত আছে ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ আৰু জ্যেষ্ঠ চিকিৎসক ডাঃ এম চি বৰ্মণ ৷ আনহাতে ধুবুৰী জিলাৰ অমিত ঘোষ নামৰ প্ৰথমজন সংবাদকৰ্মীও ৰেপিড এন্টিজেন টেষ্টত ক’ভিড পজিটিভ বুলি চিনাক্ত হয় ।
জিলা স্বাস্থ্য বিভাগৰ সূত্ৰে জনোৱা অনুসৰি আৰক্ষী অধীক্ষক গৰাকীক আৰক্ষী গেষ্ট হাউচত হ’ম আইচলেচন আৰু ডাঃ এম চি বৰ্মণক ধুবুৰী অসামৰিক চিকিৎসালয়ত ৰখাৰ ব্যৱস্থা কৰা হৈছে । লক্ষ্যণীয় বিষয় যে, ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ দেহত ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ পিছতেই আৰক্ষী মহলত জোঁকাৰণিৰ সৃষ্টি হৈছে ।
উল্লেখ্য যে, যোৱা 17 আগষ্টত ধুবুৰী সদৰ আৰক্ষী থানাত মুখ্যমন্ত্ৰী সৰ্ববন্দ সোণোৱালৰ মৈত্ৰী অনুষ্ঠানৰ এখন কাৰ্যসূচীত মুখ্যমন্ত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰিছিল আৰক্ষী অধীক্ষকগৰাকীয়ে । সেয়ে এতিয়া আৰক্ষী অধীক্ষকগৰাকীৰ পজিটিভ দেখা দিয়াৰ পিছতেই আৰক্ষী অধীক্ষকৰ সংস্পৰ্শলৈ আৰু কোন কোন আহিছিল সেয়াই লক্ষ্যণীয় বিষয় । অৱশ্যে স্বাৱ টেষ্টৰ পিছত কি ফলাফল আহে সেয়াই গুৰুত্বপূৰ্ণ বিষয় ।
লগতে চাওক-প্ৰধানমন্ত্ৰীৰ অনুৰোধ মৰ্মে টি-20 বিশ্বকাপত অংশগ্ৰহণ কৰিব পাৰে ধোনীয়ে