ETV Bharat / state

বিজেপিৰ কামৰ খতিয়ান লৈ ঘৰে ঘৰে বিজেপি নেতা কৰ্মী

নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বৰ্ষ। আনহাতে ৰাজ্যত বিজেপি মিত্ৰ জোঁটৰ সোণোৱাল চৰকাৰৰ চাৰিটা বছৰ উকলিল। বিগত দিনত চৰকাৰে কৰা কামৰ খতিয়ান লৈ ৰাইজৰ ঘৰে ঘৰে এতিয়া বিজেপি নেতা কৰ্মী।

The first year of the second term of the Narendra Modi-led central government
বিজেপিৰ কামৰ খতিয়ান লৈ ধুবুৰীত ঘৰে ঘৰে বিজেপি নেতা কৰ্মী
author img

By

Published : Jun 16, 2020, 4:42 PM IST

ধুবুৰী,16 জুন : আজিৰে পৰা দেশ তথা ৰাজ্যজুৰি আৰম্ভ হ'ল বিজেপিৰ অনন্য যাত্ৰা। হাতে হাতে প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পত্ৰ লৈ ৰাইজৰ ঘৰে ঘৰে উপস্থিত হৈছে বিজেপি নেতা কৰ্মী। দৰাচলতে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম বৰ্ষ। আনহাতে ৰাজ্যত বিজেপি মিত্ৰজোটৰ সোণোৱাল চৰকাৰৰ চাৰিটা বছৰ উকলিল। বিগত দিনত চৰকাৰে কৰা কামৰ খতিয়ান লৈ ৰাইজৰ ঘৰে ঘৰে এতিয়া বিজেপি নেতা কৰ্মী।

ধুবুৰী

ৰাজ্যৰ আন আন জিলাৰ সমান্তৰালকৈ ধুবুৰী জিলাতো বিজেপিৰ ৰাজ্যিক কমিটিৰ কাৰ্যনিৰ্বাহক সদস্য নৱ কুমাৰ বৈশ্যৰ লগতে জিলা বিজেপিৰ সভাপতি ডাঃ দেৱময় সান্যালৰ নেতৃত্বত দলীয় নেতা কৰ্মীসকলে জিলাখনত ৰাইজৰ ঘৰে ঘৰে গৈ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পত্ৰ লৈ চৰকাৰৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে। লগতে ৰাইজৰ পৰা উপদেশ আৰু আৰু আশীৰ্বাদ বিচাৰে। উল্লেখযোগ্য যে, অহা ৩০ জুনলৈকে বিজেপিৰ এই কাৰ্যসূচী অব্যাহত থাকিব বুলি উল্লেখ কৰে দলটোৱে ৷

লগতে পঢ়কঃ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ নামত ব্যাপক অনিয়মৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.