ধুবুৰী, 26 ছেপ্টেম্বৰ: দেশজুৰি অব্যাহত আছে কংগ্ৰেছৰ ভাৰত জোড়ো কাৰ্যসূচী ৷ এনে সময়তে ধুবুৰীৰ ৰাজীৱ ভৱনত সঘনাই সৃষ্টি হৈছে অপ্ৰীতিকৰ পৰিস্থিতিৰ ৷ জ্যেষ্ঠ নেতাৰ সন্মুখতে তৃণমূল কৰ্মীয়ে ধাৰণ কৰিলে ৰণচণ্ডী মূৰ্তি ৷
কিছুদিন পূৰ্বে এখন সংবাদমেলক কেন্দ্ৰ কৰি ধুবুৰীৰ ৰাজীৱ ভৱনত দুটা পক্ষৰ মাজত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ । সোমবাৰেও অনুৰূপ ঘটনা ঘটনা সংঘটিত হ’ল ধুবুৰীৰ ৰাজীৱ ভৱনত (Rajiv Bhawan Dhubri)৷ কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ কংগ্ৰেছে গ্ৰহণ কৰা ভাৰত জোড়ো কাৰ্যসূচী অসমত আৰম্ভ হ’ব 1 নৱেম্বৰৰ পৰা (Bharat Jodo Yatra in Assam)৷ ধুবুৰীৰ পৰা শদিয়ালৈ গ্ৰহণ কৰা হ’ব এই কাৰ্যসূচী ৷ তাৰেই পৰিকল্পনা কৰিবলৈ সোমবাৰে ধুবুৰীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হৈছিল গুৰুত্বপূৰ্ণ সভাখন ৷
সভাখনত উপস্থিত আছিল প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা ৷ কিন্তু সভাৰ আৰম্ভণিতেই লাগিল কেনা । সন্মুখৰ আসনত বহি থকা একাংশ কংগ্ৰেছ কৰ্মী হঠাৎ উঠি গ’ল প্ৰদেশ কংগ্ৰেছৰ নেতাৰ সন্মুখলৈ । দাবী এটাই- অযোগ্য জিলা সভাপতিৰ বিৰুদ্ধে ব্যৱস্থা ল’ব লাগে ৷ লগে লগে সভাত উপস্থিত সকলো কংগ্ৰেছ কৰ্মীয়ে সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতিৰ । একাংশ কংগ্ৰেছ কৰ্মীৰ মাজত হতাহতিৰো সৃষ্টি হ’ল ।
দৰাচলতে দুদিন পূৰ্বে ধুবুৰী জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি সামছুল ইছলামে দেশী জনগোষ্ঠীক দালাল আখ্যা দিয়াৰ অভিযোগ উত্থাপিত হৈছিল । এই অভিযোগৰ ভিত্তিত জিলা কংগ্ৰেছৰ একাংশ দেশী আৰু মিঞা জনগোষ্ঠীৰ কৰ্মীৰ মাজত উমিউমি জ্বলি আছিল জুই । এই ফিৰিঙতিৰেই যেন খাণ্ডৱ দাহ হ’ল সোমবাৰে । অৱশ্যে এই এই ৰণৰ কাৰণ হিচাবে জ্যেষ্ঠ কংগ্ৰেছী নেতা ৰামান্য বৰুৱাই কয় যে,পৰিয়ালটোত বহুত মানুহ থকাৰ বাবেহে এনেধৰণৰ হাই-কাজিয়া লাগিছে৷ বহুত ককাই-ভাই হ’লে খাম-খেয়ালি থাকেই ৷
আনহাতে একাংশ কংগ্ৰেছ কৰ্মীৰ মাজত ভুল বুজাবুজি হোৱা বুলি স্বীকাৰ কৰিলে বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে (MLA Wazed Ali Choudhury)৷ সেইসকল কৰ্মীৰ লগত আলোচনা কৰি সমস্যাটো সমাধান কৰিব বুলি জনালে বিধায়কগৰাকীয়ে ৷ ধুবুৰী জিলা কংগ্ৰেছত এতিয়া চলি থকা দেশী আৰু মিঞা জনগোষ্ঠীৰ মাজৰ দলীয় বিসম্বাদে আগন্তক লোকসভা নিৰ্বাচনত কংগ্ৰেছক বিপদত পেলোৱাটো একপ্ৰকাৰ নিঃশ্চিত বুলি চৰ্চা চলিছে সচেতন ৰাজনৈতিক মহলত । ভাৰত জোড়ো কাৰ্যসূচীৰ মাজতে অব্যাহত থকা কংগ্ৰেছৰ এই গৃহকন্দলে দলটোক কিদৰে সুৰক্ষিত কৰি ৰাখিব সেয়াও এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে ৷
লগতে পঢ়ক: সাহিত্য সভাৰ কাৰ্যালয়ত ওলমিল তলা