ETV Bharat / state

মৃত্যুৰ পাচত চাকৰি নিয়মীয়াকৰণ হ’ল সোণালী বাইদেউৰ

author img

By

Published : Feb 5, 2021, 6:19 PM IST

ৰাজ্যত শিক্ষক-শিক্ষয়িত্ৰীৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে বিদ্যালয়সমূহ প্ৰাদেশীকৰণ কৰা হৈছে যদিও এই সুখৰ পৰা বঞ্চিত ধুবুৰীৰ শিক্ষয়িত্ৰী সোণালী মালী ৷ কাৰণ, 2020 চনত আৰ্থিক অনাটনৰ বাবে চিকিৎসাৰ অভাৱত অকাল মৃত্যু হৈছিল শিক্ষয়িত্ৰীগৰাকীৰ ৷

teacher got job after death
মৃত্যুৰ পাচত চাকৰি নিয়মীয়াকৰণ হ’ল সোণালী বাইদেউৰ

ধুবুৰী,5 ফেব্ৰুৱাৰী : সুদীৰ্ঘ সময় বিনা বেতনে শিক্ষকতা কৰা ৰাজ্যৰ বহু শিক্ষক-শিক্ষয়িত্ৰীৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে বিদ্যালয়সমূহ প্ৰাদেশীকৰণ হোৱাত সকলোৰে পৰিয়ালত এতিয়া আনন্দৰ জোঁৱাৰ উঠিছে ৷ কিন্তু বিষাদেৰে ভৰি পৰিছে সোণালী বাইদেউৰ বাসগৃহ ৷ চাকৰি নিয়মীয়াকৰণ হ’ল যদিও সোণালী বাইদেউ যে ইহ সংসাৰত নাই ৷

ধুবুৰী জিলাৰ আগমনি শিক্ষা খণ্ডৰ অন্তৰ্গত তামাৰহাটৰ মধ্যপেটলা গাঁৱত শিক্ষাৰ পোহৰ বিলাবলৈ 1990 চনত সোণালী মালী আৰু প্ৰভাৱতী ৰায়ে মধ্যপেটলা অনুসূচিত জাতি প্ৰাথমিক বিদ্যালয় স্থাপন কৰিছিল ৷ সুদীৰ্ঘ দিন ধৰি বিনা বেতনে বিদ্যালয়খনত পাঠদান কৰি আছিল শিক্ষিয়িত্ৰীগৰাকীয়ে ৷

কিন্তু 2020 চনত আৰ্থিক অনাটনৰ বাবে চিকিৎসাৰ অভাৱত সোনালী মালীৰ মৃত্যু হয় ৷ মাত্ৰ কেইটামান মাহৰ বাবেই সোণালী বাইদেউ বঞ্চিত হয় এই সুখ ভোগৰ পৰা ৷

আনহাতে, মৃত্যুৰ পাচতো কেনেকৈ চাকৰি নিয়মীয়াকৰণ সম্ভৱ, সেয়া হৈ পৰিছে এক ৰহস্যৰ বিষয় ৷

লগতে পঢ়ক : অৱশেষত মোহৰ পৰিল এজেপি-ৰাইজৰ দলৰ মিত্ৰতাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.