ETV Bharat / state

গোলকগঞ্জত হত্যাৰ বলি দুই সন্তানৰ মাতৃ

author img

By

Published : Jul 8, 2019, 7:22 PM IST

ফজলীমা বিবি নামৰ দুই সন্তানৰ মাতৃক দেওৰেকৰ সৈতে মিলি ডিঙি ৰেপি হত্যা কৰে স্বামী আনোৱাৰ হুছেইনে ৷

গোলকগঞ্জত হত্যাৰ বলি দুই সন্তানৰ মাতৃ

গোলকগঞ্জ, 8 জুলাইঃ গোলকগঞ্জৰ বিদ্যাৰডাৱৰী গাঁৱত সংঘটিত হৈছে বোৱাৰীক লোমহৰ্ষক হত্যাকাণ্ড | ফজলীমা বিবি নামৰ এগৰাকী দুই সন্তানৰ মাতৃক নিজ দেওৰেকৰ লগতে স্বামীয়ে মিলি ছুৰীৰে ডিঙি ৰেপি হত্যা কৰে |

গোলকগঞ্জত হত্যাৰ বলি দুই সন্তানৰ মাতৃ

সাত বছৰ পূৰ্বেই বিবাহপাশত আৱদ্ধ হোৱা ফজলীমাৰ হত্যাৰ গোচৰত সাঙোৰ খাই পৰিছে স্বামী আনোৱাৰ হুছেইনৰ লগতে তেওঁৰ দুই ভাতৃৰ নাম ৷ বিয়াৰ পিচৰে পৰাই চলি অহা অকথ্য নিৰ্যাতন সহিব নোৱাৰি ছাগলীয়া থানাত এক গোচৰ ৰুজু কৰিছিল ফজলীমাই ৷ পৰৱৰ্তী সময়ত শনিবাৰে গোচৰটো উঠাই ল'বলৈ দাবী জনায় আনোৱাৰে ৷ কিন্তু গোচৰ উঠাই ল'বলৈ অমান্তি হোৱাত দুই ভাতৃৰে মিলি আনোৱাৰে ডিঙি ৰেপি হত্যা কৰে ফজলীমাক ৷ আনহাতে ঘটনা সংঘটিত কৰিয়ে তিনিও পলায়ন কৰে যদিও সোমবাৰে দুপৰীয়া ধুবুৰী আৰক্ষী অধীক্ষকৰ ওচৰত আত্মসমৰ্পণ কৰে হত্যাকাৰী স্বামী আনোৱাৰ হুছেইনে ৷

Intro:গোলকগঞ্জৰ বিদ্যাৰডাৱৰী গাঁৱত বোৱাৰীক লোমহৰ্ষক হত্যা | ফজলীমা বিবি নামৰ এগৰাকী দুই সন্তানৰ মাতৃক ছুৰীৰে ডিঙি ৰেপি হত্যা স্বামী গৃহত | আজি এজনৰ আত্মসমৰ্পণ দুজন পলাতক
Body:

V/O- গোলকগঞ্জৰ বিদ্যাৰডাৱৰী তৃতীয় খন্ড গাঁৱত দেওবাৰে সংঘটিত হয় এই হত্যাকাণ্ড । গাঁৱখনৰ আনোৱাৰ হুচেইনৰ পত্নী তথা দুই সন্তানৰ মাতৃ ফজলিমা বিবিৰ ছুৰীৰে হত্যাত জড়িতৰ সন্দেহ স্বামী আনোৱাৰ হুচেইন আৰু তেওঁৰ দুই ভাতৃ খয়বৰ আৰু খবিবৰৰ বিৰুদ্ধে ।
V/O- সাত বছৰ পূৰ্বে আনোৱাৰৰ লগত ফজলিমাৰ বিয়া হয় । বৰ্তমান ফজলিমা দুটি সন্তানৰ মাতৃ । বিয়াৰ পিছৰে পৰা স্বামী আনোৱাৰৰ লগতে তেৱঁৰ দুই জ্যেষ্ঠ ভাতৃ খয়বৰ আৰু খবিবৰেও ফজলিমাক শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল । কুৰি দিন পূৰ্বে মহিলাগৰাকীৰ পিতৃ ফজল আলীয়ে আনোৱাৰৰ ডাঙৰ ভাতৃ খয়বৰ আৰু খবিৰৰ বিৰুদ্ধে ছাগলীয়া আৰক্ষী চকীত গোচৰ দিয়ে | শনিবাৰে পত্নীক লগত নি আনোৱাৰে শহুৰক গোচৰ উঠাই নিয়াৰ দাবি জনায় | শহুৰে গোচৰ উঠাই নিবলৈ অমান্তি হোৱাত ঘৰলৈ ঘুৰি আহি নিশা তিনিও ভাতৃয়ে মহিলা গৰাকীক নিৰ্যাতন চলায় | পূৱা দহ বজাত ফজলিমাই ফোনযোগে পিতৃক নিৰ্যাচনৰ খবৰ দিয়ে | পিতৃয়ে নিজ গৃহলৈ তাইক আহিহলৈ কয় যদিও কিছুসময় পিছতে আহে নিৰ্মম হত্যাকাণ্ডৰ খবৰ | ঘটনা সংঘটিত কৰিয়ে তিনিও পলায়ন কৰে | অতি নিৰ্মমভাৱে ছুৰীৰে ডিঙি ৰেপি হত্যা কৰে মহিলা গৰাকীক | এই সন্দৰ্ভত গোলকগঞ্জ থানাত এটা গোচৰ ৰুজু হৈছে | আৰক্ষীয়ে হত্যাকাৰীক আটক কৰাত ব্যৰ্থ হলেও স্বামী আনোৱাৰ আজি দুপৰীয়া ধুবুৰী আৰক্ষী অধীক্ষকৰ ওচৰত আত্মসৰ্পণ কৰে | আন দুজন বৰ্তমানো পলাতক |
বাইট ১ ) চুবুৰীয়া
২ ) পিতৃ

EVO ইপিনে হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজে |Conclusion: ইপিনে হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজে |
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.