ETV Bharat / state

Cattle smuggler killed: সীমন্তৰে বাংলাদেশৰ গৰু সৰবৰাহ; বি এছ এফৰ গুলীত নিহত সৰবৰাহকাৰী - Indo Bangla border

মানকাচৰ ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফৰ গুলীত নিহত এজন । গৰুৰ চোৰাং সৰবৰাহ কৰা সৰবৰাহকাৰীলৈ লক্ষ্য কৰি সীমান্ত সুৰক্ষা বাহিনীয়ে কৰিছিল গুলীচালনা । নিহত চোৰাং গৰু সৰবৰাহকাৰীটোৰ নাম মিন্তু শ্বেখ ।

Suspected cattle smuggler killed in BSF firing
BSF ৰ গুলীত নিহত সন্দেহযুক্ত গৰু সৰবৰাহকাৰী
author img

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 12:14 PM IST

ধুবুৰী, ২২ ছেপ্টেম্বৰ: গো-সুৰক্ষা আইন প্ৰৱৰ্তনেৰে ৰাজ্যত গৰুৰ চোৰাং সৰবৰাহ ৰোধ কৰিবলৈ চৰকাৰে চেষ্টা চলাই আহিছে যদিও বৰ্তমানেও এই চেষ্টা ফলৱৰ্তী হৈ উঠা নাই ৷ কিয়নো একাংশ সৰবৰাহকাৰীয়ে প্ৰতিদিনেই বিভিন্ন কৌশল অৱলম্বন কৰি গৰুৰ চোৰাং বেহা অব্যাহত ৰাখিছে ৷ গৰুৰ এই চোৰাং বেহাৰ অন্যতম কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে ভাৰত-বাংলা সীমান্ত ।

ভাৰত-বাংলাদেশ সীমান্তৰে বৰ্তমানেও চলি আছে গৰুৰ চোৰাং বেহা । এইবাৰ হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ দ্বীপচৰত বি এছ এফৰ গুলীত নিহত হৈছে চোৰাং গৰু সৰবৰাহকাৰী । নিহত চোৰাং গৰু সৰবৰাহকাৰীটো কানাইমাৰা গাঁৱৰ শ্বাহজাহান শ্বেখৰ পুত্ৰ মিন্টু শ্বেখ বুলি জানিব পৰা গৈছে ।

তথ্য অনুসৰি চোৰাং গৰু সৰবৰাহকাৰীৰ দল এটাই নিশাৰ এন্ধাৰৰ সুযোগত কাইটীয়া তাঁৰৰ বেৰৰ ওপৰেদি বাঁহৰ লিভাৰেৰে বাংলাদেশলৈ চোৰাংকৈ গৰু চালান দি আছিল । কৰ্তব্যৰত বি এছ এফ জোৱানে বাধা দিয়াৰ পিচতো গৰুৰ চোৰাং সৰবৰাহকাৰীৰ দলটোৱে গৰু চালান দিবলৈ লোৱাত বি এছ এফে দলটো লৈ গুলীচালনা কৰে । বি এছ এফৰ গুলিত গুলীবিদ্ধ হয় মিন্টু শ্বেখ নামৰ সৰবৰাহকাৰীটো ।

গুলীবিদ্ধ সৰবৰাহীটোক হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত বুলি জানিবলৈ দিয়ে । মিন্টুৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা বাবে শুকুৰবাৰে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

ইফালে পৰিয়ালৰ লোকে ৰহস্যজনকভাৱে গছৰ পৰা পৰি যুৱকজনৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰে ৷ মৰণোত্তৰ পৰীক্ষাৰ পিছতেহে পোহৰলৈ আহিব মৃত্যুৰ প্ৰকৃত কাৰণ ।

উল্লেখ্য যে ধুবুৰীৰ বিভিন্ন প্ৰান্তত অব্যাহত চোৰাংভাৱে গৰু সৰবৰাহ কৰা কাৰ্য । চোৰাং গৰু সৰবৰাহকাৰীয়ে আৰক্ষীৰ জালত নপৰিবলৈ প্ৰতিদিনে ন ন কৌশল অৱলম্বন কৰি অব্যাহত ৰাখিছে চোৰাং গৰু সৰবৰাহ । ইফালে চুবুৰীয়া বাংলাদেশৰ পৰাও অবাধে চলাই গৈছে গৰুৰ চোৰাং বেহা ।

লগতে পঢ়ক: Loksabha election 2024: বাগানে বাগানে কংগ্ৰেছ কাৰ্যসূচী ৰূপায়ণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.