ধুবুৰী,৫ আগষ্ট : ৰাজ্যত পুনৰ গ্ৰেপ্তাৰ হৈছে আনছাৰুল্লা বাংলা টীমৰ সদস্য । এইবাৰ স্থান ধুবুৰী । ধুবুৰী সীমান্তত শনিবাৰে পুৱাই গ্ৰেপ্তাৰ আনছাৰুল্লা বাংলা টীম চমুকৈ এবিটিৰ সদস্যজন । ধুবুৰীৰ বিলাসীপাৰাৰ নায়েৰাল্গা অঞ্চলৰ পৰা ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বাংলাদেশৰ নিষিদ্ধ সংগঠন আনছাৰুল্লা বাংলা টীমৰ সন্দেহযুক্ত সদস্য জনক । ধৃত আনছাৰুল্লা বাংলা টীমৰ সদস্যজন ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৱৰ্তী অঞ্চলৰ টাকীমাৰী গাঁৱৰ বাসিন্দা আকবৰ আলীৰ পুত্ৰ আব্দুছ শুকুৰ আলী বুলি জানিব পৰা গৈছে । বৰ্তমান ধুবুৰী আৰক্ষীয়ে আব্দুছ শুকুৰ আলীক জেৰা অব্যাহত ৰাখিছে । ইফালে আৰক্ষীৰ জেৰাত ভয়ংকৰ তথ্য পোহৰলৈ অহাৰো সম্ভাৱনা কৰা হৈছে ।
-
A member of the Ansarullah Bangla Team (ABT) module, Abdus Sukur Ali, son of Akbar Ali, from Takimari near the Bangladesh border, was apprehended early this morning from a remote area called Nayeralga under Bilasipara Police Station by a team led by @Dhubri_Police . Currently,…
— Himanta Biswa Sarma (@himantabiswa) August 5, 2023 " class="align-text-top noRightClick twitterSection" data="
">A member of the Ansarullah Bangla Team (ABT) module, Abdus Sukur Ali, son of Akbar Ali, from Takimari near the Bangladesh border, was apprehended early this morning from a remote area called Nayeralga under Bilasipara Police Station by a team led by @Dhubri_Police . Currently,…
— Himanta Biswa Sarma (@himantabiswa) August 5, 2023A member of the Ansarullah Bangla Team (ABT) module, Abdus Sukur Ali, son of Akbar Ali, from Takimari near the Bangladesh border, was apprehended early this morning from a remote area called Nayeralga under Bilasipara Police Station by a team led by @Dhubri_Police . Currently,…
— Himanta Biswa Sarma (@himantabiswa) August 5, 2023
এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইও টুইট কৰিছে । মুখ্যমন্ত্ৰীয়ে জনোৱা মতে বিলাসীপাৰাৰ অতি ভিতৰুৱা অঞ্চলৰ পৰা আৰক্ষীয়ে আনছাৰুল্লা বাংলা টীমৰ সন্দেহযুক্ত সদস্যজনক গ্ৰেপ্তাৰ কৰিছে । মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা মতে বিলাসীপাৰা আৰক্ষী থানাত ধুবুৰী আৰক্ষীয়ে সদস্যজনক জেৰা চলাই আছে ।
উল্লেখ্য যে ইয়াৰ পূৰ্বেও বিলাসীপাৰাত আনছাৰুল্লা বাংলা টীমৰ সদস্য গ্ৰেপ্তাৰ হৈছে । একেটা অঞ্চলৰ পৰাই এই বছৰৰ ফেব্ৰুৱাৰী মাহত আনছাৰুল্লাহ বাংলা টীমৰ সদস্যৰ পত্নীক গ্ৰেপ্তাৰ কৰা হৈছিল । তেওঁ মৈৰাবাৰীৰ পলাতক এবিটিৰ সদস্য আবু তাল্লাহৰ পত্নী আছিল । নায়েৰাল্গা দ্বিতীয় খণ্ড গাঁৱৰ পৰা গ্ৰেপ্তাৰ হোৱা মহিলাগৰাকীৰ পৰা আনছাৰুল্লা বাংলা টীম সম্পৰ্কীয় বহু বিস্ফোৰক তথ্য আৰক্ষীয়ে সংগ্ৰহ কৰিছিল ।
বিলাসীপাৰা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছিল । ইফালে নিষিদ্ধ সংগঠনটোৰ বিৰুদ্ধে অসমৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখিছিল । মৰিগাঁও জিলাৰ পৰাও আৰক্ষীয়ে পূৰ্বে আনছাৰুল্লা বাংলা টীমৰ সদস্যক গ্ৰেপ্তাৰ কৰিছিল । অৱশ্যে বিলাসীপাৰাত গ্ৰেপ্তাৰ হোৱা সদস্যজনৰ পৰা আৰক্ষীয়ে কি ধৰণৰ তথ্য লাভ কৰে সেয়া সময়তহে দেখা যাব ।
লগতে পঢ়ক :Cough syrup seized: প্ৰায় 3.50 কোটি টকাৰ ফেন্সিডাইল কফ চিৰাপ জব্দ