ETV Bharat / state

গোহালি নে স্বাস্থ্যকেন্দ্ৰ?

author img

By

Published : Mar 22, 2019, 1:50 PM IST

স্বাস্থ্যকেন্দ্ৰ নিৰ্মাণ কৰিয়েই দায়িত্ব সামৰিলে চৰকাৰে ৷ গোহালিলৈ পৰ্যবসিত চিকিৎসক কৰ্মচাৰীহীন ধুবুৰীৰ এটা স্বাস্থ্যকেন্দ্ৰ ৷

উপ স্বাস্থ্যকেন্দ্ৰ

ধুবুৰী, 22 মাৰ্চঃ গোহালিলৈ পৰিণত ধুবুৰীৰ এটাউপ স্বাস্থ্যকেন্দ্ৰ । ধুবুৰীৰ মাঝেৰচৰ ১১ নং ৰিভাৰ ব্লক অঞ্চলত ২০১৫ চনত নির্মাণ কৰা হৈছিল উপ স্বাস্থ্যকেন্দ্ৰটো । অঞ্চলটোৰ প্ৰায় সহস্ৰাধিক লোকৰ স্বাস্থ্য সেৱাৰ প্ৰতি লক্ষ্য ৰাখিয়েই অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা নির্মাণ কৰা হৈছিল স্বাস্থ্যকেন্দ্ৰটো । কিন্তু বৰ্তমান পৰ্যন্ত উপ স্বাস্থ্যকেন্দ্ৰত ভৰি নথ'লে এজনো নাৰ্চ অথবা চিকিৎসকে । ফলত গোহালিলৈপৰিণত হৈছে উপ স্বাস্থ্যকেন্দ্ৰটো ৷ এফালৰ পৰা জহি-খহি যাবলৈ আৰম্ভ কৰা স্থাস্থ্যকেন্দ্ৰটোত নাৰ্চ -চিকিৎসক নথকাৰ বাবেই সামান্য জ্বৰত আক্ৰান্ত হ'লেও স্থানীয় ৰাইজে যাব লগা হয় ধুবুৰীলৈ ।

Intro: গোহালি ঘৰত পৰিণত ধুবুৰীৰ এখন উপ স্বাস্থ্যকেন্দ্ৰ। ধুবুৰীৰ মাঝেৰচৰ ১১ নং ৰিভাৰ ব্লক অঞ্চলত আছে স্বাস্থ্য বিভাগৰ উপ স্বাস্থ্যকেন্দ্ৰটো।

Body: ধুবুৰী জিলাৰ মাঝেৰচৰ ১১ নং ৰিভাৰ ব্লক অঞ্চলত ২০১৫ চনত নির্মাণ কৰা হয় এইখন উপ স্বাস্থ্যকেন্দ্ৰ। অঞ্চলটোৰ প্ৰায় সহস্ৰাধিক লোকৰ স্বাস্থ্য সেৱাৰ প্ৰতি লক্ষ্য কৰি অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা নির্মাণ কৰা হৈছিল এইখন স্বাস্থ্যকেন্দ্ৰ। কিন্তু আজিলৈ এইখন উপ স্বাস্থ্যকেন্দ্ৰত ভৰি নপৰিল এজনো নাৰ্চ অথবা চিকিৎসকৰ। ফলত গোহালি ঘৰত পৰিণত হোৱা উপ স্বাস্থ্যকেন্দ্ৰটো এফালৰ যেন জহি খহি যাবলৈ আৰম্ভ কৰিছে। উল্লেখযোগ্য যে, সামান্য জ্বৰত আক্ৰান্ত হলেও ইয়াৰ ৰাইজে যাব লগা হয় ধুবুৰীলৈ। ইপিনে স্থানীয় ৰাইজে প্ৰথমাৱস্থাত এইখন উপ স্বাস্থ্যকেন্দ্ৰ নিৰ্মাণৰ পিছত আনন্দিত হৈ পৰিছিল যদিওঁ এতিয়া ৰাইজৰ সেই আশাত পৰিছে চেঁচাপানী।

Conclusion: উল্লেখযোগ্য যে, উপ স্বাস্থ্যকেন্দ্ৰ নির্মাণকাৰ্য্য সম্পন্ন কৰিয়েই স্বাস্থ্য বিভাগে দায়িত্ব সামৰিব নে নাৰ্চ অথবা চিকিৎসক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব। সেয়াই এই মুহূৰ্তত এক বৃহৎ প্ৰশ্ন। যদিওঁ শীঘ্ৰেই নাৰ্চ অথবা চিকিৎসক নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.