ETV Bharat / state

3 টকাত তৃপ্তিৰ এসাঁজ... - covid 19

কল্পজ্যোতি স্বেচ্ছাসেৱী সংগঠনৰ বিশেষ পদক্ষেপ ৷ বিলাসীপাৰা চহৰত পেট্ৰ’ল পাম্পৰ সন্মুখত ৩ টকাত দুপৰীয়া আহাৰৰ ব্যৱস্থা কৰিলে কল্পজ্যোতি নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে ।

3 টকাত তৃপ্তিৰ এসাঁজ...
3 টকাত তৃপ্তিৰে এসাঁজ...
author img

By

Published : Aug 1, 2021, 7:30 PM IST

Updated : Aug 3, 2021, 5:15 PM IST

পশ্চিম বিলাসীপাৰা, 1 আগষ্ট : 3 টকাত এসাঁজ ভাত ৷ উদৰ পূৰাই এসাঁজ ভোকৰ ভাত খাইছে বহুলোকে ৷ আপুনি নিশ্চয় শুনিছে প্ৰাক্তন কৃষি মন্ত্ৰী নীলমণিসেন ডেকাই কোৱা 2.30 টকীয়া ভাতৰ কথা ৷ কিন্তু এইবাৰ কিছু ব্যতিক্ৰম প্ৰেক্ষাপট ৷

ঘটনাৰ স্থান বিলাসীপাৰা ৷ ইয়াতেই সহজলভ্য হৈছে এসাঁজ 3 টকীয়া ভাত ৷ এটি ব্যক্তিগত সংগঠনৰ বিশেষ প্ৰচেষ্টাত সহজলভ্য হৈছে এই ভাতসাঁজ ৷ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে এই সংগঠনটো ৷ সংগঠনটোৰ নাম কল্পজ্যোতি স্বেচ্ছাসেৱী সংগঠন ৷

লগতে পঢ়ক: লামডিং সংৰক্ষিত বনাঞ্চলত বন্য হস্তীৰ বাবে খোৱা পানীৰ ব্যৱস্থা

ক’ভিডে জুৰুলা কৰা ৰাজ্যবাসীক এসাঁজ ভোকৰ ভাত আগবঢ়াবলৈ এই প্ৰচেষ্টা হাতত লৈছে সংগঠনটোৱে ৷ কল্পজ্যোতি স্বেচ্ছাসেৱী সংগঠনক এই কাৰ্যত সহায় কৰিছে সাৰদাৰ আখল নামৰ আন এটি সংগঠনে ৷ তেওঁলোকৰ উদ্দেশ্য মাথো এটাই- সাধাৰণ লোকে যাতে নুন্যতম মূল্যত এসাঁজ উদৰ পূৰাই খাব পাৰে ৷ দেওবাৰে বিলাসীপাৰা চহৰত এই আখলৰ উদ্বোধন কৰে মহকুমাধিপতি জয় শিৱানীয়ে ৷

কল্পজ্যোতি ফাউণ্ডেচনৰ অধীনত পৰিচালিত সাৰদাৰ আখলত তিনি টকাৰ বিনিময়ত যোগান ধৰা হ’ব এসাঁজ বিশুদ্ধ নিৰামিষ ভাত ৷ এই ভাত সাঁজ খাবলৈ দেওবাৰে চহৰখনত কৰ্মৰত বহু শ্ৰমিকে ভীৰ কৰা পৰিলক্ষিত হয় ৷ কল্পজ্যোতি স্বেচ্ছাসেৱী সংগঠনটোৰ এই পদক্ষেপক এতিয়া বিভিন্ন মহলে প্ৰশংসা কৰিছে ৷

লগতে পঢ়ক: 500 বছৰে প্ৰজ্বলিত হৈ থকা এগছি বন্তি...

Last Updated : Aug 3, 2021, 5:15 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.