ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰচাৰ পত্ৰিকা বিলালে ছাত্ৰ মুক্তিয়ে

author img

By

Published : Sep 6, 2020, 7:39 AM IST

কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীৰে জনসাধাৰণক আগুৱাই আহিবলৈ বিলাসীপাৰাত ছাত্ৰ মুক্তিয়ে অঞ্চলটোৰ বিভিন্ন দোকান-পোহাৰ, পথাচাৰীৰ মাজত বিতৰণ কৰিলে প্ৰচাৰ পত্ৰিকা ।

SMSS APPEAL TO PUBLIC TO DEMAND RELEASE AKHIL
অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰচাৰ পত্ৰিকা বিলালে ছাত্ৰ মুক্তিয়ে

বিলাসীপাৰা, 6 ছেপ্টেম্বৰ : কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত বিলাসীপাৰাৰ বেলতলীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে শনিবাৰে বিতৰণ কৰিলে প্ৰচাৰ পত্ৰিকা । বেলতলীৰ বিভিন্ন দোকান-পোহাৰ, বাইক আৰোহী মাজত প্ৰচাৰ পত্ৰিকা বিতৰণ কৰি সমিতিয়ে অখিল গগৈৰ মুক্তিৰ দাবীৰে সৰ্বস্তৰৰ জনতাক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ জনালে আহ্বান ।

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা কাৰাবন্দী হৈ আছে কৃষক নেতা অখিল গগৈ । চৰকাৰে অখিল গগৈৰ প্ৰতিবাদী সত্ত্বাক ভয় কৰে আৰু তেওঁক কাৰাৰুদ্ধ কৰি ৰাখি 2021 ৰ সাধাৰণ নিৰ্বাচনৰ বৈতৰণী পাৰ কৰিব বিচাৰিছে বুলি সমিতিয়ে উল্লেখ কৰে ৷ লগতে অখিল গগৈক মুক্তি নিদিয়া পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিয়ে ছাত্ৰ মুক্তিৰ বিলাসীপাৰা সমিতিয়ে ৷

লগতে পঢ়ক : বিটিআৰ চুক্তিৰ আধাৰত মুকলি হ'ল বড়ো মাধ্যমৰ পৃথক শিক্ষা সঞ্চালকালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.