ETV Bharat / state

সক্ৰিয় হৈ পৰিছে গৰুৰ চোৰাং সৰবৰাহকাৰীঃ নিৰাপত্তাৰক্ষীকো আক্ৰমণ

পুনৰ আৰম্ভ হৈছে ভাৰত বাংলা সীমান্তত গৰুৰ চোৰাং বেহা । প্ৰতিদিনে সীমান্তৰে বাংলাদেশলৈ সৰবৰাহ হৈছে জাক জাক চোৰাং গৰু । চোৰাং গৰুৰ বেপাৰীক বি এছ এফে বাধা প্ৰদানৰ চেষ্টা কৰিলে আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলায় দুৰ্বৃত্তই ৷ কালি পুনৰ আক্ৰমণৰ বলি হ'ল এজন BSF জোৱান ৷

সীমান্তত গৰুৰ চোৰাং বেহা
author img

By

Published : May 5, 2019, 7:39 PM IST

Updated : May 5, 2019, 10:42 PM IST

ধুবুৰী,5মে': শনিবাৰে পুৱতি নিশা প্ৰায় বিশ পঁচিশ জনীয়া গৰুৰ চোৰাং চক্ৰৰ এটা দলে আলগা সীমান্তৰে পাৰ কৰাবলৈ চেষ্টা কৰিছিল বৃহৎসংখ্যক গৰু৷ তেনে সময়তে বি এছ এফে আঠটাকৈ চোৰাং গৰু জব্দ কৰে । এনে সময়তে বি এছ এফলৈ গৰুৰ চোৰাং চক্ৰৰ দলটোৱে শিলগুটি নিক্ষেপ কৰাৰ লগতে চোকা অস্ত্ৰৰে আক্ৰমণৰ কৰে ৷ ফলত BSFৰ হেড কনিষ্টবল পি বালাচান্দ পাটিল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।

সীমান্তত গৰুৰ চোৰাং বেহা

শূন্যলৈ গুলী চলাইহে কথমপি ৰক্ষা পৰে বি এছ এফৰ দলটো ৷ উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰে অব্যাহত আছে চোৰাং গৰুৰ অবাধ সৰবৰাহ ৷ প্ৰশ্ন উঠিছে কাৰ আশীৰ্বাদত বলীয়ান হৈ চক্ৰটোৱে অব্যাহত ৰাখিছে বাংলাদেশলৈ গৰুৰ অবৈধ চালান ৷

ধুবুৰী,5মে': শনিবাৰে পুৱতি নিশা প্ৰায় বিশ পঁচিশ জনীয়া গৰুৰ চোৰাং চক্ৰৰ এটা দলে আলগা সীমান্তৰে পাৰ কৰাবলৈ চেষ্টা কৰিছিল বৃহৎসংখ্যক গৰু৷ তেনে সময়তে বি এছ এফে আঠটাকৈ চোৰাং গৰু জব্দ কৰে । এনে সময়তে বি এছ এফলৈ গৰুৰ চোৰাং চক্ৰৰ দলটোৱে শিলগুটি নিক্ষেপ কৰাৰ লগতে চোকা অস্ত্ৰৰে আক্ৰমণৰ কৰে ৷ ফলত BSFৰ হেড কনিষ্টবল পি বালাচান্দ পাটিল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।

সীমান্তত গৰুৰ চোৰাং বেহা

শূন্যলৈ গুলী চলাইহে কথমপি ৰক্ষা পৰে বি এছ এফৰ দলটো ৷ উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰে অব্যাহত আছে চোৰাং গৰুৰ অবাধ সৰবৰাহ ৷ প্ৰশ্ন উঠিছে কাৰ আশীৰ্বাদত বলীয়ান হৈ চক্ৰটোৱে অব্যাহত ৰাখিছে বাংলাদেশলৈ গৰুৰ অবৈধ চালান ৷

Intro: পুণৰ আৰম্ভ হৈছে ভাৰত বাংলা সীমান্তত গৰুৰ চোৰাং বেহা। আন্তঃৰাষ্ট্ৰীয় গৰুৰ চোৰাং বেপাৰীয়ে বাৰে বাৰে আক্ৰমণ কৰিছে সীমান্ত সুৰক্ষা বাহিনীক। কিছুদিনমান পূৰ্বে ধুবুৰীৰ ভাৰত বাংলা সীমান্তত বি এছ এফ জোৱানক চোৰাং গৰু বেপাৰীয়ে আক্ৰমণ কৰাৰ পিছত এইবাৰ হাটচিঙিমাৰীৰ সীমান্তত আক্ৰমণৰ বলি হল বি এছ এফৰ জোৱান।


Body: ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ ভাৰত বাংলা সীমান্তত পুনৰ পূৰ্বৰ দৰেই চলিছে গৰুৰ চোৰাং বেহা। ধুবুৰী আৰু দক্ষিণ শালমাৰা আৰক্ষী প্ৰশাসনক মেনেজ কৰি প্ৰতিদিনে সীমান্তৰে পাৰ কৰিছে জাক জাক চোৰাং গৰু। মাজে সময়ে চোৰাং গৰুৰ বেপাৰীক বি এছ এফে বাধা প্ৰদান কৰাৰ সমান্তৰাল ভাৱে গৰু জব্দ কৰিলে বি এছ এফ জোৱানক আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলাই আহিছে চোৰাং গৰুৰ বেপাৰীয়ে। তেনে এক ঘটনাৰ পুনৰাবৃত্তি ঘটিল এইবাৰ হাটচিঙিমাৰীৰ ভাৰত বাংলা সীমান্তৰ আছামেৰ আলগা সীমান্ত অঞ্চলত।
জানিব পৰা মতে ০৬ নং বি এন বেটেলিনৰ বি এছ এফ জোৱানে আজি পুৱতি নিশা ৩:৪০ মান বজাত প্ৰায় বিশ পচিশ জনীয়া গৰু চোৰাং বেপাৰীৰ দল এটাই বহু সংখ্যক গৰু বল পূৰ্বক উক্ত সীমান্তৰে বাংলাদেশ লৈ পাৰ কৰিবলৈ চেষ্টা চলায়। এনেতে তটলধাৰী বি এছ জোৱানৰ দল এটিয়ে অভিযান চলাই আঠটাকৈ চোৰাং গৰু জব্দ কৰে। ইয়াকে লৈ বি এছ এফ আৰু চোৰাং গৰু বেপাৰীৰ মাজত খণ্ড যুদ্ধ আৰম্ভ হয়। এনে সময়তে বি এছ এফলৈ গৰুৰ চোৰাং বেপাৰীৰ দলটোৱে শিলগুটি নিক্ষেপ কৰাৰ বিপৰীতে চোকা অস্ত্ৰৰে আক্ৰমণ আৰম্ভ কৰে এইজন বি এছ এফৰ জোৱানক। জানিব পৰা মতে মহাৰাষ্ট্ৰৰ পৰা অহা ০৬ নং বি এন বি এছ এফৰ হেড কনিষ্টবল পি বালাচান্দ পাটিলক। ফলত বি এছ এছ জোৱান জনৰ হাত আৰু চকুত বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। ইয়াৰ পিছতেই বি এছ এফে শূণ্যলৈ এজাই গুলি ফুটাই প্ৰাণ ৰক্ষা পেলায়।
ইপিনে আহত জোৱান জনক লগে লগে হাটচিঙিমাৰীৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিওঁ পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে জোৱান জনক মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ তুৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি জানিব পৰা গৈছে।
এই ঘটনাক দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ উপায়ুক্ত আতিফা চুলতানাই তীব্র গৰিহণা দিয়াৰ লগতে ঘটনা সন্দৰ্ভদ এখন এজাহাৰ দিয়াৰ কথা উল্লেখ কৰি অভিযুক্ত চোৰাং গৰু বেপাৰিক কৰায়ত্ব কৰিবলৈ নিৰ্দেশ দিয়া বুলি উল্লেখ কৰে।

Byte:- জিলা উপায়ুক্ত


Conclusion: উল্লেখযোগ্য যে, দীৰ্ঘ দিনৰে পৰা ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলা আৰক্ষী প্ৰশাসনৰ বৰমুৰীয়া সকলৰ সৈতে নিয়মীয়া গোপন বুজাবুজিৰ ভিত্তিত বাংলাদেশলৈ ভয়াৱহ চোৰাং কাৰবাৰ অব্যাহত ৰাখিছে। অভিযোগ অনুসৰি ধুবুৰী দক্ষিণ শালমাৰাৰ পৰা দিছপুৰলৈ এই গৰুৰ বৃহৎ ছিণ্ডিকেট চলি আহিছে।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
Last Updated : May 5, 2019, 10:42 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.