ETV Bharat / state

Bengal Panchayat Poll 2023:অসমত আশ্ৰয় পশ্চিম বংগৰ শ শ ভোটাৰৰ

author img

By

Published : Jul 11, 2023, 8:45 PM IST

পশ্চিম বংগৰ নিৰ্বাচনী হিংসাৰ বাবে অসমত আশ্ৰয় লৈছে বংগৰ ভোটাৰে । ধুবুৰীৰ অসম বংগ সীমান্তৰ শৰণাৰ্থী শিৱিৰত আশ্ৰয় লৈছে পশ্চিম বংগৰ ডেৰ শতাধিক ভোটাৰে । আনহাতে ,একাংশৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈও পলায়ন।

Electoral violence in West Bengal
কোচবিহাৰ জিলাত অব্যাহত নিৰ্বাচনী হিংসা
কোচবিহাৰ জিলাত অব্যাহত নিৰ্বাচনী হিংসা

ধুবুৰী, ১১ জুলাই: পশ্চিম বংগৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ একাধিক হিংসাত্মক ঘটনাৰ মাজৰে শনিবাৰে সম্পন্ন হয় ৷ ৰাজ্যখনৰ বীৰভূমত পঞ্চায়ত ভোট গ্ৰহণ চলি থকাৰ মাজতে সৃষ্টি হোৱা হিংসাৰ পৰা নাই অন্ত ৷ নিৰ্বাচন সম্পন্ন হোৱাৰ পিছতো পশ্চিম বংগৰ কোচবিহাৰ জিলাত অব্যাহত নিৰ্বাচনী হিংসা । কোচবিহাৰ জিলাৰ তুফানগঞ্জ থানাৰ অন্তৰ্গত ভাৰত-বাংলাদেশ সীমান্তবৰ্তী বালাভূত অঞ্চলৰ পৰা পলায়ন কৰি ১২শ পৰিয়ালৰ লোকে অসমত আশ্ৰয় গ্ৰহণ কৰিছে ।

পশ্চিম বংগত নিৰ্বাচনী হিংসাৰ ছলেৰে মমতা বেনাৰ্জীয়ে মুছলমান লোকক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বুলি অভিযোগ উত্থাপিত হৈছে। এই অভিযোগ কোচবিহাৰ জিলাৰ নাটাবাৰী সমষ্টিৰ প্ৰাক্তন চি পি আই এম বিধায়ক তমছেৰ আলীৰ । উল্লেখ্য যে, শনিবাৰে চুবুৰীয়া ৰাজ্য পশ্চিম বংগত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি আৰম্ভ হোৱা নিৰ্বাচনী হিংসা আজিও অব্যাহত আছে । মঙলবাৰে ভোট গণনাৰ দিনাও আতংকিত শ শ ভোটাৰে অসম আশ্ৰয় লৈ আছে যদিওঁ ভোট গণনাৰ পিছতেই পুণৰ ভয়ংকৰ হিংসাত্মক পৰিৱেশৰ সূচনা হ'ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে এই লোকসকলে ।

উল্লেখ্য যে নিৰ্বাচনত মাৰপিট,গুলি চালনা ,বোমা নিক্ষেপেৰে ৰক্তাক্ত নিৰ্বাচনী হিংসাত হতাহত হৈছে বহু লোক । এই নিৰ্বাচনী হিংসাত দুস্কৃতিকাৰীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ যোৱা দুদিনৰ পৰা বংগ এৰি অসমলৈ পলায়ন প্ৰায় ১২শ ৰো অধিক পৰিয়ালৰ শিশু মহিলাসহ ৭ সহস্ৰাধিক লোকৰ । আজিৰ দিনটোত কোচবিহাৰ জিলাৰ অসম সীমান্তৱৰ্তী বালাভূত, গোপালেৰকুটী আদি কেইবাখনো গাঁৱৰ লোক প্ৰাণৰ ভয়ত ধুবুৰী জিলাৰ গোলকগঞ্জ সমষ্টিৰ আগমনি থানাৰ ৰনপাগলী,সাইনালেৰকুটী ,ভামনডাঙ্গা ,খেৰবাৰী আদি বিভিন্ন অঞ্চলত আশ্ৰয় গ্ৰহণ কৰি আছে । ২২০৯ নং সাইনালেৰকুটী প্ৰাথমিক বিদ্যালয়তো আশ্ৰয় লৈ আছে একাংশ শৰণাৰ্থীয়ে ।

আক্ৰান্তৰ আন একাংশ লোকৰ পলায়ন চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ । ২২০৯ নং সাইনালেৰকুটী প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় গ্ৰহণ কৰা লোকসকলক লগ কৰিবলৈ আহি কোচবিহাৰ জিলাৰ নাটাবাৰী সমষ্টিৰ প্ৰাক্তন চি পি আই এম বিধায়ক তমছেৰ আলীয়ে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে বহু কেইটা গুৰুত্বৰ অভিযোগ উত্থাপন কৰে । তেওঁ কয় যে কেন্দ্ৰৰ পৰা কেন্দ্ৰীয় বাহিনী সুস্থ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰেৰণ কৰা হৈছে । কিন্তু কেন্দ্ৰীয় বাহিনীক নিৰ্বাচনী কেন্দ্ৰ সমূহত নিয়োগ কৰা হোৱা নাই । ইয়াৰ পৰিৱৰ্তে এটা সাধাৰণ আৰক্ষীৰ লোক বা চিভিক ভলেন্টিয়াৰ সমূহক নিৰ্বাচনী কেন্দ্ৰ সমূহত দায়িত্ব প্ৰদান কৰা হৈছে । কেন্দ্ৰীয় বাহিনী নথকাৰ সুযোগ গ্ৰহণ কৰি তৃণমূলৰ দুস্কৃতিকাৰী বাংলাদেশৰ পৰা অনা ভাড়াতীয়া দুস্কৃতিকাৰীয়ে ভোট ৰিগিং কৰাৰ লগতে আন দলৰ কৰ্মীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । মমতা বেনাৰ্জীয়ে বিশেষকৈ মুছলমান লোকক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰে তমছেৰ আলীয়ে ।

ইপিনে, পশ্চিম বংগৰ আত্মগোপন কৰা ভোটাৰৰ দুৰ্দশা দেখি ধুবুৰীৰ অসম বংগ সীমান্তৰ গোলকগঞ্জৰ ৰণপাগলী এম ভি স্কুলত ধুবুৰী জিলা প্ৰশাসনে শৰণাৰ্থী শিৱিৰ স্থাপন কৰিছে । ইয়াত শতাধিক ভোটাৰে আশ্ৰয় লৈ থাকে। পশ্চিম বংগৰ কোচবিহাৰ জিলা প্ৰশাসনৰ লোক আত্মগোপন কৰি থকা ভোটাৰ সকলক গৃহৰাজ্য লৈ নিয়াৰ চেষ্টা কৰে যদিও আতংকিত ভোটাৰে অমান্তি হয় ।

লগতে পঢ়ক:Bengal Panchayat Polls 2023: পশ্চিম বংগত নিৰ্বাচনী হিংসা; প্ৰহৃত হ’ল ইটিভি ভাৰতৰ সাংবাদিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.