ETV Bharat / state

ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক কুলধৰ দাস আৰু নাই

author img

By

Published : Oct 30, 2020, 9:53 AM IST

ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক কুলধৰ দাস আৰু নাই । মাজনিশা গৌৰীপুৰ নাৰ্চিং হোমত শেষ নিঃশ্বাস ত্যাগ কৰে সাংবাদিক গৰাকীয়ে।

Senior Reporter Kuladhar Das is no more
ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক কুলধৰ দাস আৰু নাই

ধুবুৰী,30 অক্টোবৰ: ধুবুৰীৰ জ্যেষ্ঠ সাংবাদিক কুলধৰ দাস আৰু নাই । বিগত কিছুদিনৰ পৰা কিডনী ৰোগত আক্ৰান্ত হৈ থকা সাংবাদিক কুলধৰ দাসে হঠাৎ অসুস্থতা অনুভৱ কৰাত বৃহস্পতিবাৰে গৌৰীপুৰ নাৰ্চিং হোমত ভৰ্তি হৈছিল । কিন্তু মাজনিশা প্ৰায় ডেৰ মান বজাত চিকিৎসালয়তেই শেষ নিঃশ্বাস ত্যাগ কৰে সাংবাদিক গৰাকীয়ে । উল্লেখ্য যে, ৫২ বছৰত ভৰি দিয়া সাংবাদিক গৰাকীয়ে ১৯৯৬ চনৰ পৰাই সাংবাদিকতাৰ জগতখনৰ লগত জড়িত আছিল । প্ৰথমে আজিৰ বাতৰি কাকতৰ যোগেদি সাংবাদিকতাৰ পৃথিৱীত খোজ পেলাইছিল ৷ তাৰ পিছত জনসাধাৰণ কাকতত সাংবাদিকতা কৰি বৰ্তমানলৈকে আমাৰ অসম আৰু নিয়মীয়া বাৰ্তা কাকতত গৌৰীপুৰৰ পৰা সংবাদসেৱা আগবঢ়াই আহিছিল সাংবাদিক কুলধৰ দাসে ।

সাংবাদিকতাৰ জীৱনত নিজৰ সততা আৰু কৰ্ম দক্ষতাৰে বিভিন্ন বঁটা আৰু সম্বৰ্ধনা লাভ কৰিবলৈ সক্ষম হৈছিল । সাংবাদিক গৰাকীৰ মৃত্যুৰ পিছতেই শোকস্তব্ধ হৈ পৰিছে ধুবুৰীৰ সংবাদ মহল । গৌৰীপুৰ প্ৰেছ ক্লাৱ, ধুবুৰী জিলা বার্তাজীৱী সংঘৰ ফালৰ পৰা গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছে আৰু পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে । আজি পুৱা গৌৰীপুৰ শ্মশানত সাংবাদিক গৰাকীৰ শেষকৃত সম্পন্ন কৰাৰ ব্যৱস্থা কৰা হয় ।

লগতে পঢ়ক: JEE কেলেংকাৰী : পিতৃ -মাতৃৰ উচ্চাকাংক্ষা পূৰণ কৰিব বিচাৰিছিল নীল নক্ষত্ৰ দাসে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.