ETV Bharat / state

দৰিদ্ৰতাক প্ৰত্যাহ্বান জনাইছে ধুবুৰীৰ প্ৰসিদ্ধই - মেধা সম্পন্ন শিক্ষাৰ্থী ধুবুৰীৰ প্ৰসিদ্ধ দুৱাৰা কৰ্মকাৰ

মেধা সম্পন্ন শিক্ষাৰ্থীয়ে নিজৰ লক্ষ্যত উপনীত হ'বলৈ প্ৰত্যাহ্বান জনায় আৰ্থিক দীনতাক ৷ আৰ্থিক দীনতাক প্ৰত্যাহ্বান জনাইছে ধুবুৰীৰ দীনতাক এগৰাকী মেধাৱী ছাত্ৰই ৷ শিক্ষাগ্ৰহণৰ মাজতে ব্যৱসায় কৰিছে ধুবুৰীৰ প্ৰসিদ্ধ দুৱাৰা কৰ্মকাৰ নামৰ ছাত্ৰগৰাকীয়ে ৷

self independent student from dhubri
দৰিদ্ৰতাক প্ৰত্যাহ্বান জনাইছে ধুবুৰীৰ প্ৰসিদ্ধই
author img

By

Published : Feb 12, 2020, 8:50 PM IST

ধুবুৰী,12ফেব্ৰুৱাৰীঃআৰ্থিক দীনতা কেতিয়াও হেঙাৰ হব নোৱাৰে শিক্ষাৰ ক্ষেত্ৰত ৷ আৰ্থিক দীনতাক প্ৰত্যাহ্বান জনাইছে ধুবুৰীৰ এগৰাকী মেধাৱী ছাত্ৰই ৷শিক্ষাগ্ৰহণৰ মাজতে ব্যৱসায় কৰিছে ধুবুৰীৰ প্ৰসিদ্ধ দুৱাৰা কৰ্মকাৰ নামৰ ছাত্ৰগৰাকীয়ে ৷স্নাতকোত্তৰৰ তৃতীয় ষান্মাসিকৰ বিজ্ঞান শাখাত অধ্যয়নৰত মেধাৱী ছাত্ৰগৰাকীয়ে প্ৰতিদিনেই নিয়মিত ভাৱে কাঠফুলা বিক্ৰী কৰে ৷ কোচবিহাৰ, গোলকগঞ্জ, গুৱাহাটী আৰু কলকাতাৰ পৰা বিভিন্ন প্ৰকাৰৰ কাঠফুলা আনি নিজৰ চাইকেলত লৈ বিক্ৰী কৰে ৷ প্ৰসিদ্ধই নিজৰ চাইকেল খনৰ সন্মুখ আৰু পিছৰ ফালে লিখি লৈছে নাম ফলক আৰু ফোন নম্বৰ। বেগৰ ভিতৰত আছে ৱেষ্টৰ, বটন আৰু ড্ৰাইকে ধুবুৰী ভিন্ন প্ৰকাৰৰ কাঠফুলা ৷

দৰিদ্ৰতাক প্ৰত্যাহ্বান জনাইছে ধুবুৰীৰ প্ৰসিদ্ধই

পুৱাৰ ভাগত পঢ়া-শুনা কৰাৰ পিছত কাঠফুলা বিক্ৰী কৰিবলৈ ওলাই যায় ছাত্ৰগৰাকী ,তাৰ পিছত কলেজ কৰি বিয়লিলৈ কম্পিউটাৰ ক্লাছ কৰি ,তাৰ পিছত পুনৰ তিনিটাকৈ টিউচন পঢ়ুৱাই নিশা নিজৰ পঢ়াশুনা কৰে প্ৰসিদ্ধই । ভৱিষ্যতে এগৰাকী অধ্যাপক হোৱাৰ সপোন দেখা প্ৰসিদ্ধই ভৱিষ্যতে এম এছ চি পঢ়াৰ ক্ষেত্ৰত প্ৰয়োজনীয় টকাখিনি এতিয়াৰে পৰাই যোগাৰ কৰিবলৈ আৰম্ভ কৰিছে। পঢ়াশুনাৰ লগতে এনেদৰে ব্যৱসায়, টিউচন কৰি গৈছে ছাত্ৰগৰাকীয়ে ৷প্ৰসিদ্ধৰ পিতৃ সুভাষ চন্দ্ৰ কৰ্মকাৰ আৰু মাতৃ মিণ্টুমণি দুৱাৰাই পৃথক দুখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত সামান্য বেতনত চাকৰি কৰে। গোলকগঞ্জত নিজা ঘৰ আছে যদিও ধুবুৰী চহৰৰ দুই নম্বৰ ৱাৰ্ডত ঘৰ ভাড়া লৈ আছে পৰিয়ালটো। কিন্তু যোৱাটো বৰ্ষত মাতৃৰ এক জটিল ৰোগৰ অস্ত্ৰোপচাৰ হোৱাৰ ফলত আৰ্থিক সংকটত পৰিছে পৰিয়ালটো। যাৰ ফলত যোৱা বৰ্ষত প্রসিদ্ধৰ স্নাতকোত্তৰ দ্বিতীয় ষান্মাসিকৰ পাঠ্যপুথি কিনি দিবলৈ অক্ষম হৈছিল অসহায় পিতৃ-মাতৃ। কিন্তু আন সমনীয়াৰ পৰা পাঠ্যপুথি সংগ্ৰহ কৰি অধ্যয়ন চলাই যোৱা প্রসিদ্ধই মাতৃৰ পৰামৰ্শ লৈ পঢ়াশুনাৰ উপৰিও আজৰি সময় উলিয়াই এইদৰে কাঠফুলা বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে। এনেদৰে এতিয়া আৰ্থিক দীনতাক প্ৰত্যাহ্বান জনাই জীৱন সংগ্ৰাম কৰিছে প্ৰসিদ্ধই ৷ প্ৰসিদ্ধ এতিয়া যুৱচামৰ বাবে আদৰ্শস্বৰূপ ৷

লগতে পঢ়কঃচলমান খানক লগ কৰিবলৈ তিনিচুকীয়াৰ পৰা পেদেল মাৰি আহি আছে এজন অনুৰাগী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.