ETV Bharat / state

বিলাসীপাৰাত জব্দ চোৰাং চাউল ভৰ্তি বলেৰ' পিকআপ - bolero seized at bilasipara

বিলাসীপাৰাত আৰক্ষীৰ অভিযান । উক্ত অভিযানত চোৰাং চাউল ভৰ্তি বলেৰ' পিকআপ বাহনসহ এজনক আটক কৰিবলৈ সক্ষম আৰক্ষী ।

seized-pds-rice-with-bolero
বিলাসীপাৰাত জব্দ চোৰাং চাউল ভৰ্তি বলেৰ' পিকআপ
author img

By

Published : Jun 5, 2021, 1:27 PM IST

পশ্চিম বিলাসীপাৰা, 5 জুন : বিলাসীপাৰাত নিতৌ সংঘটিত হৈ আহিছে এটাৰ পিছত আন আনটো অপৰাধজনিত ঘটনা ৷ এই অপৰাধ ৰোধ কৰিবলৈ আৰক্ষীয়েও সমানে চলাইছে অভিযান ৷ শুকুৰবাৰে বিয়লি বিলাসীপাৰাৰ বাবুৰহাটত আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত এক অভিযান চলায় ৷ আৰক্ষীৰ এই অভিযানত চোৰাং চাউলসহ জব্দ কৰে AS17C-2052 নম্বৰৰ এখন বলেৰ’ পিকআপ ৷

বিলাসীপাৰাত জব্দ চোৰাং চাউল ভৰ্তি বলেৰ' পিকআপ

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল খিনি কাজাইকাটা সমবায় সমিতিৰ পৰা চোৰাং ভাৱে নায়েৰআলগা লৈ নি থকাৰ সময়তে বাবুৰহাটত চাউল ভৰ্তি বাহন খন জব্দ কৰে আৰক্ষীয়ে ৷ উল্লেখ্য যে, চোৰাং চাউল ভৰ্তি বাহন খনৰ লগতে বাহন খনৰ চালক জবেদ আলীকো আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

লগতে পঢ়ক : ভূত বাংলালৈ পৰ্যবসিত ৰৌতাৰ আমিনপাৰা উপ-স্বাস্থ্য কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.