ধুবুৰী, 20 এপ্ৰিল : তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত ধুবুৰী সমষ্টিত প্ৰশাসনৰ ব্যাপক তালাচী অভিযান ৷ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি ধুবুৰী সমষ্টিত প্ৰশাসনে অব্যাহত ৰাখিছে তালাচী অভিযান ৷
নিৰ্বাচনৰ সময়ত কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে শান্তি শৃংখলা অটুট ৰখাৰ অৰ্থেই এনেদৰে সমষ্টিটোৰ চুকে-কোণে তালাচী অভিযান অব্যাহত ৰাখিছে প্ৰশাসনে ৷