ETV Bharat / state

ধুবুৰীৰ কৃষি বিভাগত বৃহৎ কেলেংকাৰী, পলাতক মূল অভিযুক্ত

author img

By

Published : Jul 11, 2020, 10:46 PM IST

ধুবুৰী জিলাৰ কৃষি বিভাগত বৃহৎ কেলেংকাৰী। জিলাখনৰ গৌৰীপুৰ কৃষি অভিযন্তাৰ কাৰ্যালয়ত আঁচনি ৰূপায়ণৰ নামত চলিছে কেৱল লুন্ঠনৰাজ ৷ পাম্প ছেট আৰু সৌৰশক্তি চলিত পাম্পছেটৰ নামত এক ভয়ংকৰ দূৰ্নীতি ৷ আৰক্ষীৰ জালত পৰিল দুই দালালৰূপী ঠিকাদাৰ । এতিয়াও পলাতক মূল অভিযুক্ত কাৰ্যবাহী অভিযন্তা ৰেকিব উদ্দিন ।

পলাতক মূল অভিযুক্ত
ধুবুৰীৰ কৃষি বিভাগত বৃহৎ কেলেংকাৰী

ধুবুৰী, 11 জুলাই : কেলেংকাৰীয়ে লগ এৰা নাই ৰাজ্যৰ কৃষি বিভাগক৷ ৰাজ্য কঁপাই তোলা কৃষি বিভাগৰ কৃষক সন্মান নিধি আচঁনিৰ ভয়াৱহ কেলেংকাৰীৰ পাচত এইবাৰ কৃষি বিভাগৰ আন এক ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছে ধুবুৰীত৷ জিলাখনৰ গৌৰীপুৰ কৃষি অভিযন্তাৰ কাৰ্যালয়ত শ শ ভূৱা কৃষক হিতাধিকাৰীৰ তালিকা প্ৰস্তুতিৰে একাংশ বিষয়াই পাম্প ছেট আৰু সৌৰশক্তি চলিত পাম্পৰ বিতৰণৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত কৰিছে ৷ এনে কেলেংকাৰীৰ জৰিয়তে কোটি কোটি টকা আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে একাংশ বিষয়াৰ বিৰুদ্ধে ।

ধুবুৰীৰ কৃষি বিভাগত বৃহৎ কেলেংকাৰী

অভিযোগ অনুসৰি, চৰকাৰে কৃষি বিভাগৰ অধীনত Rural Infrastructure Development Fund (RIDF) আচঁনিৰ অধীনত দৰিদ্ৰ কৃষকলৈ বিনামূলীয়া পাম্পছেট আৰু সৌৰশক্তি চলিত পাম্পছেট দিয়াৰ ব্যৱস্থা কৰে৷ কিন্তু বিভাগটোৰ আশীৰ্বাদ পুষ্ট একাংশ অভিযন্তাই একাংশ দালাল শ্ৰেণীৰ জৰিয়তে কৃষক হিতাধিকাৰীৰ ভূৱা তালিকা প্ৰস্তুত কৰি চৰকাৰী পাম্পছেট আৰু সৌৰশক্তি চলিত পাম্পছেট সমূহ সম্পূৰ্ণৰূপে কলা বজাৰত বিক্ৰী কৰি লুন্ঠনৰাজ চলাই গৈছিল ।

ধুবুৰীৰ কৃষি বিভাগত বৃহৎ কেলেংকাৰী
কৃষি বিভাগত কেলেংকাৰীত অভিযুক্ত

কৃষি বিভাগৰ এই ভয়াৱহ দুৰ্নীতিৰ মূল খলনায়ক আছিল কাৰ্যবাহী অভিযন্তা ৰেকিবুদ্দিন আহমেদ আৰু সহকাৰী অভিযন্তা প্ৰশান্ত দাস । পিছে এই দুৰ্নীতিৰ প্ৰতিবাদ কৰি অহা তদানীন্তন কাৰ্যবাহী অভিযন্তা মৌচমী দাসে স্থানীয় গৌৰীপুৰ আৰক্ষী থানাত দুয়োগৰাকী অভিযন্তাৰ বিৰুদ্ধে 217/20 নম্বৰত এখন জামিনবিহীন গোচৰ ৰুজু কৰে । উক্ত গোচৰৰ ভিত্তিত গৌৰীপুৰ আৰক্ষীয়ে মিজানুৰ ৰহমান নামৰ এজন ঠিকাদাৰক কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে । ইপিনে, শনিবাৰে পুনৰ বিলাসীপাৰা আৰক্ষীৰ সহযোগত হানিফ উদ্দিন শেখ নামৰ আন এজন ঠিকাদাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় গৌৰীপুৰ আৰক্ষীয়ে ।

ধুবুৰীৰ কৃষি বিভাগত বৃহৎ কেলেংকাৰী
কৃষি বিভাগত কেলেংকাৰীত অভিযুক্ত

উল্লেখযোগ্য যে, ৰেকিব আহমেদ 2018 চনৰ 18 এপ্ৰিলত গৌৰীপুৰ কৃষি অভিযন্তাৰ কাৰ্যালয়ত ভাৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা হিচাপে যোগদান কৰিছিল ৷ কিন্তু, বিভিন্ন আঁচনি ৰূপায়ণৰ নামত বিয়াগোম দূৰ্নীতি সংঘটিত কৰাৰ অভিযোগত তিনিমাহৰ বাবে নিলম্বিত হৈছিল অভিযন্তাগৰাকী ৷ কিন্তু মাত্ৰ তিনিমাহ পাচত যোৱা বৰ্ষৰ 5 ছেপ্টেম্বৰত পুনৰ একেখন কাৰ্যালয়ৰ একেখন চকী দখল কৰিবলৈ সক্ষম হয় আমোলা মন্ত্ৰীৰ আশীৰ্বাদপুষ্ট কাৰ্যবাহী অভিযন্তা গৰাকী । ইপিনে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত পুনৰ দূৰ্নীতিৰ পাহাৰ গঢ়ি তোলে ৰেকিব উদ্দিন৷ একেৰাহে চাৰিটা মাহত প্ৰায় 200 পাম্প ছেট আৰু 300 সৌৰশক্তি পাম্প ছেট এচাম দালালৰূপী ঠিকাদাৰৰ সৈতে এক গোপন বুজাবুজি কৰি পাঁচশ ভূৱা কৃষক হিতাধিকাৰীৰ নাম তালিকা প্ৰস্তুত কৰি চৰকাৰী পাম্পছেট সমূহ কলা বজাৰত বিক্ৰী কৰি কোটি কোটি টকা আত্মসাৎ কৰে ৷

এই তথ্য পোহৰলৈ আনে তদানীন্তন কাৰ্যবাহী অভিযন্তা মৌচুমী দাসে । মৌচুমী দাসে চলিত বৰ্ষৰ 17 জানুৱাৰীত গৌৰীপুৰ কৃষি অভিযন্তা কাৰ্যালয়ত ভাৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে পোহৰলৈ আহে সকলো তথ্য ৷ এই তথ্য পোহৰলৈ অনাৰ অভিযোগত দুমাহৰ ভিতৰতে মৌচুমী দাসক গৌৰীপুৰৰ পৰা উলুবাৰী কৃষি অভিযন্তাৰ কাৰ্যালয়লৈ স্বস্তিমূলক বদলিকৰণ কৰি পুনৰ এইজন দূৰ্নীতিগ্ৰস্ত কাৰ্যবাহী অভিযন্তাক গৌৰীপুত ভাৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা হিচাপে নিয়োগ কৰা হয় । উল্লেখ্য যে, বিভাগীয় এগৰাকী কাৰ্যবাহী অভিযন্তাৰ গোচৰৰ পিছতেই আৰক্ষীয়ে এতিয়ালৈকে কেৱল দুজন ঠিকাদাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ কিন্তু, বৰ্তমানেও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই মূল অভিযুক্ত কাৰ্যবাহী অভিযন্তা ৰেকিব উদ্দিন আহমেদ, সহকাৰী অভিযন্তা প্ৰশান্ত দাস আৰু এই কেলেংকাৰীত জড়িত থকা অন্য ঠিকাদাৰ নাছিৰ হোসেন, হামিদুৰ খন্দকাৰ, হবিবৰ ৰহমান আৰু সহিদুল হকক ৷

ধুবুৰীৰ কৃষি বিভাগত বৃহৎ কেলেংকাৰী
কৃষি বিভাগত কেলেংকাৰীত অভিযুক্ত

আনহাতে, শনিবাৰে গ্ৰেপ্তাৰ কৰা ঠিকাদাৰ হানিফ উদ্দিন শেখক গৌৰীপুৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে যদিও মূল অভিযুক্ত অভিযন্তাদ্বয়ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নে নহয় সেয়াই লক্ষণীয় বিষয় ।

লগতে পঢ়ক : আহোম যুগৰ ধ্বজাবাহক ঐতিহাসিক কলিয়াবৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.