ETV Bharat / state

দৰিদ্ৰতা প্ৰত্যাহ্বান হ'ব পাৰে কিন্তু ম্লান কৰিব নোৱাৰে কাৰো প্ৰতিভা

অসমীয়া, হিন্দী আৰু গোৱালপৰীয়াৰ উপৰিও বাংলা গীত পৰিবেশন কৰি ধুবুৰীৰ লগতে বহিঃৰাজ্যতো সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে বিলাসীপাৰাৰ নিউ হাতিপতা এম ই স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী ৰুকচানাই

author img

By

Published : Aug 21, 2019, 11:51 AM IST

দৰিদ্ৰতা প্ৰত্যাহ্বান হ'ব পাৰে কিন্তু ম্লান কৰিব নোৱাৰে কাৰো প্ৰতিভা

ধুবুৰী, 21 আগষ্টঃ লতা মংগেশকাৰৰ দৰে বিখ্যাত গায়িকা হোৱাৰ সপোন ৰচিছে ৰুকছানাই। অতি দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা ৰুকছানাই সাহসেৰে নেওচিছে প্ৰত্যিটো প্ৰত্যাহ্বান৷ প্ৰতিভাশালী ছাত্ৰীগৰাকীক আগুৱাই যোৱাৰ ক্ষেত্ৰত অসমবাসীয়ে সহায় কৰিলে এদিন হয়তো পূৰণ হ'ব ৰুকছানা পাৰভিনৰ লতা মাংগেশকাৰ হোৱাৰ সপোন৷

দৰিদ্ৰতা প্ৰত্যাহ্বান হ'ব পাৰে কিন্তু ম্লান কৰিব নোৱাৰে কাৰো প্ৰতিভা

ধুবুৰী, 21 আগষ্টঃ লতা মংগেশকাৰৰ দৰে বিখ্যাত গায়িকা হোৱাৰ সপোন ৰচিছে ৰুকছানাই। অতি দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা ৰুকছানাই সাহসেৰে নেওচিছে প্ৰত্যিটো প্ৰত্যাহ্বান৷ প্ৰতিভাশালী ছাত্ৰীগৰাকীক আগুৱাই যোৱাৰ ক্ষেত্ৰত অসমবাসীয়ে সহায় কৰিলে এদিন হয়তো পূৰণ হ'ব ৰুকছানা পাৰভিনৰ লতা মাংগেশকাৰ হোৱাৰ সপোন৷

দৰিদ্ৰতা প্ৰত্যাহ্বান হ'ব পাৰে কিন্তু ম্লান কৰিব নোৱাৰে কাৰো প্ৰতিভা
Intro: যিকোনো ক্ষেত্ৰতেই হওঁক কম বেছি পৰিমানে সকলোৰে প্ৰতিভা আছে। ইয়াৰে কিছুমানৰ প্ৰতিভা সহজেই অতি কম সময়তেই প্ৰকাশ পায়। আন কিছুমানৰ প্ৰতিভা লুকাই থাকে। কাৰণ অৰ্থৰ অভাৱৰ বাবেই লুকাই থাকে তেনে প্ৰতিভা। তেনে এক লুকাই থকা প্ৰতিভা পোহৰলৈ আহিছে ধুবুৰীত। এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী সু মধুৰ কণ্ঠৰ গৰাকী। হিন্দী, অসমীয়া আৰু গোৱালপৰীয়া ভাষাৰ উপৰি বংলা গীত পৰিবেশন কৰে ছাত্ৰী গৰাকীয়ে। ৰাজ্যৰ লগতে সমাদৰ লাভ কৰিছে বহিঃৰাজ্যতো তেওঁ। বহু ঘাত প্ৰতিঘাতৰ মাজেৰে লতা মংগেস্কাৰৰ দৰে বিখ্যাত গায়িকা হোৱাৰ সপোন লৈ আগবাঢ়িছে মেধাবী ছাত্ৰী গৰাকী। চাওঁ আহক ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন।


Body:

ধুবুৰী জিলাৰ বিলাসিপাৰাৰ নিউ হাতিপতা এম ই স্কুলৰ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী। নাম ৰুকছানা পাৰভিন। প্ৰতিদিনে নিয়মিত ভাৱে ৰুকছানাই সহপাঠীৰ সৈতে যায় বিদ্যালয় লৈ। বিদ্যালয়ত সুনাম আছে ৰুকছানাৰ। ষষ্ঠ শ্ৰেণীৰ পৰা প্ৰথম স্থান লাভ কৰি সপ্তম শ্ৰেণীলৈ উত্তীৰ্ণ হৈছে। ৰুকছানাক গৌৰৱাম্বিত বিদ্যালয়ৰ শিক্ষক সকল।

Byte:- (09) প্ৰধান শিক্ষক

ইপিনে ৰুকছানাই কেৱল লিখা পঢ়াতেই পাৰ্গত হৈ থকা নাই। ৰুকছানাই তৃতীয় শ্ৰেণীৰ পৰাই ভাল গান গাব জানে। অসমীয়া, হিন্দী আৰু গোৱালপৰীয়াৰ উপৰি বাংলা গীত পৰিবেশন কৰি ধুবুৰী জিলা তথা ৰাজ্যৰ লগতে বহিঃৰাজ্যতো এক সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে ৰুকছানাই। ইটিভি ভাৰতৰ আগত এটাৰ পিছত এটাকৈ গীত পৰিৱেশন কৰিলে ৰুকছানাই।

PTC with Song (03)

ৰুকছানাৰ প্ৰতিভা আছে কিন্তু অৰ্থৰ অভাৱত বিভিন্ন ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে কণমানি ৰুকছানাই। উল্লেখযোগ্য যে, সংগীত অ আ ক খ নজনাকৈ নিজৰ ঘৰতেই সংগীত চৰ্চা কৰিছে ৰুকছানাই। অতি দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা ৰুকছানাৰ দেউতাকে দিন হাজিৰা কৰিছিল যদিওঁ বৰ্তমান কাম কৰিব নোৱাৰে। ইয়াৰ মাজতেই হাৰ নমনা ৰুকছানাই নিজৰ প্ৰতিভাক জীয়াই তোলাৰ বাবে যুদ্ধ চলাই গৈছে। সপ্তমমান শ্ৰেণীত অধ্যয়ন কৰা এই বয়সতেই নিজৰ সংসাৰ চলাব লগীয়া এক স্পৰ্শকাতৰ পৰিস্থিতিৰ সৈতে মকাবেলা কৰিছে ৰুকছানাই।

PTC with Song (04)

ইপিনে ধুবুৰী জিলাৰ লগতে বহিঃৰাজ্যতো বিভিন্ন অনুষ্ঠানত গীত পৰিৱেশন কৰি নিজৰ খৰচৰ লগতে সংসাৰ চলাবলৈ যুদ্ধক্ষেত্ৰত নমা ৰুকছানাৰ খবৰ পাই সংগীত বিদ্যালয়ৰ মাচুল বাবদ বঙাইগাঁওৰ ডাঃ এম আই আহমেদ নামৰ চিকিৎসক এজনে প্ৰতিমাহে দুই হাজাৰ টকা সাহায্য আগবঢ়াই আহিছে। আনহাতে স্থানীয় ওচমান গণি নামৰ এজন সাংবাদিকে লৈছে ৰুকছানাৰ লিখা পঢ়াৰ খৰচৰ দায়িত্ব।

Byte:- (05) ৰুকছানা / (08) ওচমান গণি, স্থানীয় সাংবাদিক।

ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত সৰ্বশান্ত পৰিয়ালটো কেইবছৰ মান পূৰ্বে বিলাসিপাৰা নিউ হাতিপতা পাহাৰীয়া অঞ্চলৰ শ্ৰীগ্ৰাম ষষ্ঠ খণ্ড গাওঁত বসতি স্থাপন কৰি বহু ঘাত প্ৰতিঘাত আৰু দুখ কষ্টৰ মাজেৰে দিন কটাইছে দৰিদ্ৰ পৰিয়ালটো। এই ভগা পঁজাৰ পৰাই লতা মংগেস্কাৰৰ দৰে এগৰাকী বিখ্যাত গায়িকা হোৱাৰ সপোন ৰচিছে ৰুকছানাই। যদিওঁ অসহায় পিতৃৰ অসমবাসীলৈ আহ্বান। যদি কোনোবাই ৰুকছানাক সহায় কৰে তেন্তে গ্ৰহণ কৰিব।

Byte:- (07) বন্দেজ আলী, ৰুকছানাৰ পিতৃ

এই কণমানি বয়সতেই প্ৰত্যাহ্বানক নেওচি আগবাঢ়ি যোৱা ৰুকছানাই কেতিয়াবা যেন থমকি যাব বিচাৰে। কাৰণ অৰ্থ নাই ৰুকছানাৰ।

PTC with Byte (06)




Conclusion: উল্লেখযোগ্য যে, শিক্ষাৰ লগতে সংগীতক একেলগে আগুৱাই নিয়াৰ ক্ষেত্ৰত অৰ্থৰ অভাৱত ঘাটে ঘাটে প্ৰত্যাহ্বানৰ সন্মুখীন হৈ অহা ৰুকছানা পাৰভিনক আগুৱাই যোৱাৰ ক্ষেত্ৰত অসমবাসীয়ে সহায় কৰিলে এদিন হয়তো অসমত জন্ম হব পাৰে দ্বিতীয় গৰাকী লতা মংগেস্কাৰৰ।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.