ETV Bharat / state

চাপৰ আৰক্ষীৰ গুলীত আহত দুৰ্ধষ ডকাইত

author img

By

Published : Jun 26, 2021, 8:59 AM IST

শুকুৰবাৰে নিশা নিউ হাতিপোতা অঞ্চলত সাইদুল ইছলামক লৈ চাপৰ আৰক্ষী আৰু শালকোচা আৰক্ষীয়ে চলাইছিল অভিযান । আনহাতে অভিযান কালত আৰক্ষীৰ চকুত ধুলি দি পলাই যাবলৈ অপচেষ্টা চলাইছিল ইছলামে। যাৰফলত বাধ্য হৈ আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হৈছিল ৷

চাপৰ আৰক্ষীৰ গুলীত আহত দুৰ্ধষ ডকাইত
চাপৰ আৰক্ষীৰ গুলীত আহত দুৰ্ধষ ডকাইত

পূৱ বিলাসীপাৰা, ২৬ জুন : পুনৰ আৰক্ষীৰ গুলীত আহত এজন দুৰ্ধষ ডকাইত । চাপৰ আৰক্ষীৰ গুলীত আহত সাইদুল ইছলাম নামৰ এটা দুৰ্ধষ ডকাইত । যোৱা বৃহস্পতিবাৰে ডকাইটোক অসম-মেঘালয় সীমান্তৱৰ্তী তুৰাৰ পৰা আটক কৰিবলৈ সক্ষম হৈছিল চাপৰ আৰক্ষীয়ে । উল্লেখযোগ্য যে, চাপৰৰ হাতীপোতা ষষ্ঠ খণ্ডৰ দুটা পৰিয়ালৰ ঘৰত যোৱা ২৬ মে’ত সংঘটিত হোৱা ডকাইতি কাণ্ডত জড়িত আছিল সাইদুল ইছলামৰ নেতৃত্বত এটা ডকাইতৰ দল । লুটি নিছিল কেবা লক্ষাধিক টকাৰ সোণ-ৰূপৰ আ-অলংকাৰকে ধৰি নগদ ধন ।

তাৰ পাচতে উক্ত ঘটনাৰ লগত জড়িত ৫ টা অপৰাধীক আটক কৰি জেল-হাজোতলৈ প্ৰেৰণ কৰিছিল চাপৰ আৰক্ষীয়ে (Chapar police) । কিন্তু পলাতক হৈ আছিল মূল অভিযুক্ত সাইদুল ইছলাম । সাইদুল ইছলাম পূৰ্বৰে পৰাই বহু চুৰি আৰু ডকাইতি কাণ্ডত অভিযুক্ত বুলি জানিব পৰা গৈছে ।

আৰক্ষীয়ে জনোৱা অনুসৰি শুকুৰবাৰে নিশা নিউ হাতিপোতা অঞ্চলত সাইদুল ইছলামক লৈ চাপৰ আৰক্ষী আৰু শালকোচা আৰক্ষীয়ে চলাইছিল অভিযান । আনহাতে অভিযান কালত আৰক্ষীৰ চকুত ধুলি দি পলাই যাবলৈ অপচেষ্টা চলাইছিল সাইদুলে । যাৰফলত বাধ্য হৈ আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হয় ৷

আৰক্ষীয়ে গুলী কৰাত সোঁ ভৰিত গুলীবিদ্ধ হৈ বাগৰি পৰে দুৰ্ধষ ডকাইতটো । আঘাতপ্ৰাপ্ত দুৰ্ধষ ডকাইত সাইদুল ইছলামক চাপৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰে চাপৰ আৰক্ষীয়ে ।উল্লেখযোগ্য যে, 22 জুনতো বৰপেটা আৰক্ষী (Barpeta Police)ৰ জালত পৰে গো-মাফিয়া তথা বিতৰ্কিত কংগ্ৰেছ (Congress Leader)নেতা মোজাম্মিল হ'ক (Mozammil Haque) ৷

হাউলীৰ গো-মাফিয়া খাইৰুল ইছলামৰ গ্ৰেপ্তাৰৰ পিচৰে পৰাই মোজাম্মিল হকক বিচাৰি বৰপেটা আৰক্ষী (Barpeta Police)য়ে অভিযান অব্যাহত ৰাখিছিল ৷ দীৰ্ঘদিন ধৰি আত্মগোপন কৰি থকা পাছত গো-মাফিয়া মোজাম্মিল হ'কে (Cow Mafiya Mozammil Haque) অৱশেষত বৰপেটা আৰক্ষী (Barpeta Police)ৰ ওচৰত আত্মসমৰ্পণ কৰিছিল ৷

লগতে পঢ়কঃ ৰে’ল বিভাগত পুনৰ বহিঃৰাজ্যৰ যুৱকক নিযুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.