ETV Bharat / state

আগমনিৰ পথ দুৰ্ঘটনাত থিতাতে নিহত শিশু

author img

By

Published : May 16, 2021, 7:35 PM IST

গোলকগঞ্জৰ আগমনি থানাৰ অন্তৰ্গত ম‌ইচাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত হোৱা পথ দুৰ্ঘটনাত নিহত এটি সাত বছৰীয়া শিশু ৷

আগমনিৰ পথ দুৰ্ঘটনাত থিতাতে নিহত সাত বছৰীয়া শিশু

গোলকগঞ্জ,16 মে’: দেওবাৰে গোলকগঞ্জৰ আগমনি থানাৰ অন্তৰ্গত ম‌ইচাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত হৈছে এক পথ দুৰ্ঘটনা ৷ এই পথ দুৰ্ঘটনাত নিহত হয় এটি সাত বছৰীয়া শিশু ৷

প্ৰাপ্ত তথ্য অনুসৰি, মোমায়েকৰ ঘৰত আলহী খাব আহি পথ দুৰ্ঘটনাত নিহত হ'ল সাত বছৰীয়া শিশুটি । ধুবুৰী ছাগলচৰাৰ চাহিনুৰ ৰহমানৰ পুত্ৰ চুলতান ৰহমানে দেওবাৰে পুৱা মাকৰ লগত আহিছিল মোমায়েকৰ ঘৰলৈ । মোমায়েকৰ ঘৰৰ পৰা আন এঘৰলৈ যোৱাৰ পথতে এখন চাৰিচকীয়া বাহনে খুন্দিয়ায় শিশুটিক । ফলত ঘটনাস্থলীতে নিহত হয় চুলতান ।

দুৰ্ঘটনা সংঘটিত কৰা বাহন খনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও গোলকগঞ্জ থানাৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক: শিৱসাগৰৰ আমগুৰি সামূহিক স্বাস্থ্যকেন্দ্ৰক ক’ভিড চিকিৎসালয় ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.