ধুবুৰী, 1 ডিচেম্বৰঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কঁঠালবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা । স্কুটি আৰু মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ ফলত নিহত হয় এজন আৰোহী । হাটশিঙিমাৰীৰ পৰা কুকুমাৰালৈ গৈ থকা অৱস্থাত কঠালবাৰী এলেকাত নম্বৰ প্লেটবিহীন এখন মটৰচাইকেল আৰু এখন নম্বৰ প্লেট বিহীন স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষ হৈ নিহত হয় পিন্টু দাস নামৰ যুৱকজন ৷ মটৰচাইকেল আৰোহী পিণ্টু দাসক গুৰুতৰভাবে আহত অৱস্থাত কুকুৰমাৰা স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় যদিও চিকিৎসকে ইতিমধ্যে মৃত্যু হোৱা বুলি ঘোষণা কৰে ৷
উল্লেখ্য যে, দুৰ্ঘটনাগ্ৰস্থ মটৰচাইকেল আৰু স্কুটিৰ আৰোহী দুজনেই নিচাজাতীয় দ্ৰব্য সেৱন কৰি তীব্ৰ বেগত গাড়ী চলাই যোৱাত দুৰ্ঘটনা সংঘটিত হয় বুলি অভিযোগ উত্থাপন কৰিছে প্ৰত্যক্ষদৰ্শী ৰাইজে।
আৰু পঢ়কঃ মাজুলীত মৎস্য চিকাৰৰ আনন্দ