ETV Bharat / state

TMC Leader in Dhubri: মুখ্যমন্ত্ৰী হিমন্তই খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰিব নোৱাৰে; ৰিপুন বৰা - BJP

দেওবাৰে ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় তৃণমূল কংগ্ৰেছৰ কৰ্মী সভা ৷ সভাত উপস্থিত আছিল অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ৷ ‘‘আজিলৈকে খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰিব পৰা নাই কিয় ? মুখ্যমন্ত্ৰী হিমন্তই খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰিব পৰিব নেকি ? প্ৰশ্ন ৰিপুন বৰাৰ ৷

TMC Leader in Dhubri
মুখ্যমন্ত্ৰী হিমন্তই খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰিব নোৱাৰে
author img

By

Published : Jul 2, 2023, 10:06 PM IST

মুখ্যমন্ত্ৰী হিমন্তই খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰিব নোৱাৰে

ধুবুৰী, 2 জুলাই: আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰাত উঠি পৰি লাগিছে অসম তৃণমূল কংগ্ৰেছে । দেওবাৰে ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় তৃণমূল কংগ্ৰেছৰ কৰ্মী সভা ৷ সভাত উপস্থিত আছিল অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ৷ সভাত অংশগ্ৰহণ কৰি সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত কেতবোৰ বিস্ফোৰক মন্তব্য কৰে সভাপতি ৰিপুন বৰাই ৷

‘‘খিলঞ্জীয়া কাক কোৱা হয় ! আজিলৈকে খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰিব পৰা নাই কিয় ! মুখ্যমন্ত্ৰী হিমন্তই খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰিব পৰিছে নেকি !’’ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা অনুসৰি খিলঞ্জীয়াৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত হৈছে বুলি শাসক পক্ষ দাবী কৰি অহাৰ সময়তে শাসক পক্ষক উভতি ধৰিলে তৃণমূল কংগ্ৰেছৰ নেতা ৰিপুন বৰাই ৷ তেওঁ আৰু কয় ‘‘এআইইউডিএফ আৰু বিজেপিৰ মাজত মধূৰ সম্পৰ্ক আছে ৷ এ আই ইউ ডি এফ হৈছে বিজেপিৰ বি টিম । ধৰ্মনিৰপেক্ষতাৰ নামত অসমত ৬৫/৩৫ ৰ অংক কৰি ধৰ্মৰ নামত বিজেপিয়ে ভোট বেংকৰ ৰাজনীতি কৰিছে ৷’’

ইপিনে ঘগ্ৰাৰপাৰ কাণ্ডৰ সন্দৰ্ভটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষী আৰু মুখ্যমন্ত্ৰীক তীব্র সমালোচনা কৰে ৰিপুন বৰাই কয়, ‘‘যি সময়ত সাগৰৰ তলিৰ পৰা মুকুতা আনিব পাৰে, মহাকাশলৈ যাব পাৰে আৰু তেনে সময়তে এজন আৰক্ষীক আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই ? মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীক সাহস আৰু উৎসাহ দিয়াৰ বাবেই জোনমণি ৰাভাৰ দৰে মহিলাক হত্যা কৰা হ’ল; য’ত একাংশ আৰক্ষী বিষয়াৰ নাম সাঙোৰ খাইছে ৷’’

আনহাতে মূল্যবৃদ্ধি আৰু চৰকাৰী অৰুণোদয় আঁচনি সম্পৰ্কেও অসম চৰকাৰক সমালোচনা কৰি ৰিপুন বৰাই কয় ‘‘ লাখ, লাখ টকা ধাৰ লৈ হিতাধিকাৰীক ১২০০ টকাকৈ দিছে কিন্তু অৰুণোদয় আঁচনিৰ সেই ১২০০ টকা ৰন্ধন গেছৰ ছিলিণ্ডাৰ কিনোতেই খৰচ হৈছে ৷ মূল্যবৃদ্ধি ৰোধ কৰাত চৰকাৰ ব্যৰ্থ হৈছে চৰকাৰ ।’’

লগতে পঢ়ক:Tree plantation at Dhemaji DIET : সেউজ পৃথিৱীৰ বাবে একাংশ বিদায়ী শিক্ষাৰ্থীৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.