ETV Bharat / state

পশ্চিম গোৱালপাৰাত অংগনবাদী কেন্দ্ৰত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ - লক্ষীপুৰ শিশু উন্নয়ন প্ৰকল্প

অংগনবাদী কেন্দ্ৰত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগত পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত কৃষ্টমনি চুলাৰচৰ গাঁৱত উত্তপ্ত পৰিস্থিতি ৷ উচিত বিচাৰৰ দাবীৰে জিলা উপায়ুক্তৰ কাষ চাপিছে স্থানীয় ৰাইজ ৷

public-protests-over-alleged-corruption-at-anganwadi-centre
পশ্চিম গোৱালপাৰাত অংগনবাদী কেন্দ্ৰত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ
author img

By

Published : Aug 8, 2021, 9:13 PM IST

পশ্চিম বিলাসীপাৰা, 8 আগষ্ট : পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ ৰৌখোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত কৃষ্টমনি চুলাৰ চৰ গাঁৱৰ অংগনবাদী কেন্দ্ৰত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ৷ গাঁওখনত থকা একমাত্ৰ অংগনাবাদী কেন্দ্ৰটোত বিভাগীয় একাংশ ঘোচখোৰ বিষয়াই ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগমতে, ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত অৱস্থিত কৃষ্টমনি চুলাৰ চৰ গাঁৱৰ অংগনবাদী কেন্দ্ৰটোত কৰ্মী হিচাপে নিযুক্তি দিয়া হৈছে ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰ তথা সুদূৰ সোনাৰীত থকা এগৰাকী মহিলাক ৷

ৰাইজৰ প্ৰশ্ন, যাতায়াতৰ কোনো ব্যৱস্থা নথকা ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰৰ পৰা দুৰ্গম চুলাৰ চৰত আহি মহিলা কৰ্মীগৰাকীয়ে শিশু সকলক কেনেকৈ শিক্ষা দিব ? যাকলৈ গাঁৱখনৰ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ এই বিষয়টোক লৈ সকলোৱে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ ইতিমধ্যে অংগনবাদীৰ পৰিদৰ্শক জাহেদা বেগম, জামান আৰু ছলেমানে সংঘটিত কৰা উক্ত দুৰ্নীতিৰ ঘটনাক লৈ ৰাইজে গোৱালপাৰা জিলা উপায়ুক্তক আৰু লক্ষীপুৰ শিশু উন্নয়ন প্ৰকল্প বিষয়াক লিখিত অভিযোগ দাখিল কৰিছে লগতে ৰুজু কৰিছে দুটাকৈ গোচৰ ৷

পশ্চিম গোৱালপাৰাত অংগনবাদী কেন্দ্ৰত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ

গাঁওখনৰ সকলো ৰাইজৰ দাবী, বহিৰাগত কৰ্মীৰ নিযুক্তি বাতিল কৰি স্থানীয় কৰ্মীক নিযুক্তি দিয়ক ৷ এই ক্ষেত্ৰত চৰকাৰ তথা গোৱালপাৰা জিলা উপায়ুক্তৰ লগতে লক্ষীপুৰ শিশু উন্নয়ন প্ৰকল্পৰ কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ'ব ৷

উল্লেখ্য যে, বিলাসীপাৰাৰ মহকুমাৰ সীমান্তৱৰ্তী পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ ৰৌখোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত কৃষ্টমনি চুলাৰ চৰ গাঁও খনত শিক্ষা আৰু যাতায়াতৰ কোনো সু-ব্যৱস্থা নাই ৷ গাঁৱখনৰ একমাত্ৰ শিক্ষা অনুষ্ঠান হৈছে এই অংগনাবাদী কেন্দ্ৰটো ৷ যাৰ বাবে এই কেন্দ্ৰটোত কোনোধৰণৰ দুৰ্নীতি সংঘটিত হ’বলৈ দিয়া নহ’ব বুলি মত প্ৰকাশ কৰিছে গাঁও বাসীয়ে ৷

লগতে পঢ়ক : চিকিৎসাৰ অভাৱত ক’ভিড ৰোগী মৃত্যু : পিয়াহৰ পানীয়ো নাপাই ক’ভিড ৰোগীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.