ETV Bharat / state

ধুবুৰীত ৰে'ল বিভাগৰ উচ্ছেদৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ - ব্যৱস্থা কৰি

ধুবুৰীৰ ৰে'ল ঘুমটি অঞ্চলত ৰাইজৰ উত্তাল প্ৰতিবাদ । ৰে'ল বিভাগৰ উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ স্থানীয় ৰাইজৰ । চৰকাৰী ভূমিত সংস্থাপনৰ ব্যৱস্থা কৰি নিদিলে আত্মহত্যাৰ হুংকাৰ পৰিয়ালসমূহৰ ।

ধুবুৰীত ৰে'ল বিভাগৰ উচ্ছেদৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Dec 17, 2020, 7:47 PM IST

ধুবুৰী, ১৭ ডিচেম্বৰ: ধুবুৰী চহৰৰ ৰে'ল ঘুমটি অঞ্চলত ৰে'ল বিভাগৰ মাটিত বসবাস কৰা শতাধিক পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশ । এ এম কো ৰোডত প্ৰায় ৬০ বছৰ ধৰি বাস কৰা লোকসকলক ৰে'ল বিভাগে উচ্ছেদ কৰিব বুলি জনোৱাৰ পিছতে আতংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । ৰে'ল বিভাগৰ ফালৰ পৰা কোনো জাননী দিয়া নাই যদিও উচ্ছেদৰ খবৰ বিয়পি পৰাৰ পিছতে হাহাকাৰ লাগে শতাধিক ভূমিহীন পৰিয়ালৰ মাজত ।

ধুবুৰীত ৰে'ল বিভাগৰ উচ্ছেদৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

পৰিয়ালকেইটাই বিভাগটোৰ এনে সিদ্ধান্তৰ বিৰোধিতা কৰি বৃহস্পতিবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । লগতে কৰ'ণা মহামাৰীৰ ভয়াৱহ সংক্ৰমণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত বিভাগটোৱে এনেদৰে উচ্ছেদ কৰিব বিচৰা কাৰ্যত ক্ষুণ্ণ হৈ পৰিছে স্থানীয় বাসিন্দাসকল । বৃহস্পতিবাৰে স্থানীয় বাসিন্দাসকলে প্ৰতিবাদী কাৰ্যসসূচী ৰূপায়ণ কৰি চৰকাৰে তেওঁলোকক অতি কমেও এবছৰ সময় দিব লাগে বুলি দাবী জনায় ।

চৰকাৰী ভূমি নিদিয়াকৈ ৰে'ল ঘুমটি অঞ্চলত উচ্ছেদ চলালে সকলো ৰাইজে আত্মহত্যাৰ পথ বাছি ল'ব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদী লোকসকলে । এতিয়া এই প্ৰতিবাদৰ অন্তত চৰকাৰ তথা ৰে'ল বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব।

লগতে পঢ়ক:মৰিগাঁৱৰ ১৮৭ টা ভোটকেন্দ্ৰত অনুষ্ঠিত হৈছে ভোটদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.