ETV Bharat / state

Assam health sector: চিকিৎসা কেন্দ্ৰত তলা মাৰি চিকিৎসাকৰ্মী অন্তৰ্ধান; ৰাইজৰ হাহাকাৰ

author img

By

Published : Aug 4, 2023, 9:25 AM IST

ধুবুৰীত স্বাস্থ্য বিভাগৰ নগ্ন ছবিয়ে উদঙাইছে উন্নয়নৰ ফোঁপোলা স্বৰূপ । কেৱল কাগজ কলমত থকা স্বাস্থ্য কেন্দ্ৰৰ পৰা ৰাইজে পোৱা নাই কোনো স্বাস্থ্য সেৱা ।

Assam health sector
ধুবুৰীত স্বাস্থ্য খণ্ডৰ নগ্ন ছবি
ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ পঁয়ালগা অৱস্থাই জীয়াতু ভোগাইছে সৰ্বসাধাৰণক

ধুবুৰী, 4 আগষ্ট : ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ পঁয়ালগা অৱস্থাই জীয়াতু ভোগাইছে সৰ্বসাধাৰণক ৷ চৰকাৰে স্বাস্থ্য খণ্ডত অভূতপূৰ্ব পৰিৱৰ্তন অহা বুলি দাবী কৰি অহাৰ সময়তে প্ৰত্যেক দিনাই ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ পৰা পোহৰলৈ আহিছে ইয়াৰ ফোঁপোলা স্বৰূপ ৷ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰৰ দিনত কেইবা কোটি টকা ব্যয় সাপেক্ষে ধুবুৰীৰ ভোগদহৰ অঞ্চলত নিৰ্মাণ কৰা হৈছিল এটি অত্যাধুনিক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ । ভাৰত বাংলা সীমান্তৱৰ্তী বিভিন্ন দুৰ্গম চৰাঞ্চলৰ লোকসকলক স্বাস্থ্য সেৱা প্ৰদানৰ উদ্দেশ্যে নিৰ্মাণ কৰা হাস্পতালখনত নিযুক্তি দিয়া হৈছিল চিকিৎসাকৰ্মীক ।

কিন্তু ৰাইজে স্বাস্থ্যকেন্দ্ৰটোত গৈ চিকিৎসক, নাৰ্চ আৰু অথবা আন কোনো কৰ্মচাৰীৰ পৰা আদায় কৰিবলৈ সক্ষম হোৱা নাই স্বাস্থ্য সেৱা । স্বাস্থ্য কৰ্মীৰ দায়িত্বজ্ঞানহীনতাৰ বাবে স্বাস্থ্য সেৱাৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত হৈ পৰিছে বৃহত্তৰ ভোগদহৰ, পাটামাৰী অঞ্চলৰ ৰাইজ ।

জানিব পৰা মতে, সীমান্তৱৰ্তী অঞ্চল কলাপাকানি গাঁৱৰ সাহা আলম হক প্ৰমানিকৰ পত্নী ৰেহেনা খাতুনে প্ৰসৱ যন্ত্ৰনাত ছট ফটাই থকাৰ পিছতো উপযুক্ত স্বাস্থ্য সেৱা লাভ নকৰাৰ ফলত অকালতে হেৰুৱাবলগীয়া হয় নৱজাতকক ।

গৰ্ভৱতী মহিলাগৰাকীক প্ৰথমে পৰিয়ালটোৱে ভোগদহৰ হাস্পতাল তথা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোলৈ লৈ আহে যদিও স্বাস্থ্য কৰ্মীৰ অনুপস্থিতি তথা কেন্দ্ৰটোত তলা ওলমি থকাৰ বাবে ৰেহেনা খাতুনে সন্তান প্ৰসৱ কৰে যদিও উপযুক্ত চিকিৎসাৰ অভাৱত ক্ষন্তেক পিছতেই চিকিৎসাৰ অভাৱত শিশুটিৰ মৃত্যু ঘটে ।

প্ৰসূতিগৰাকীও পৰৱৰ্তী সময়ত অসুস্থ হৈ পৰে যদিও সংকটজনক অৱস্থাত চাং সাজি কান্ধত তুলি নি যন্ত্ৰচালিত নাৱেৰে ধুবুৰীৰ পাৰঘাটত উপস্থিত হয় আৰু তাৰ পিছত 108 এম্বুলেন্সৰে ধুবুৰী মেডিকেল কলেজ হাস্পতালত লৈ যোৱা হয় । উল্লেখ কৰা প্ৰয়োজন যে, ধুবুৰীৰ নেতাই ধুবুনী ঘাটত বান্ধি ৰখা হৈছে দুখনকৈ 108 নাও এম্বুলেঞ্চ । 2013-14 বৰ্ষত কংগ্ৰেছ চৰকাৰৰ দিনত ধুবুৰীৰ সীমান্তৱৰ্তী দুৰ্গম চৰ গ্ৰামাঞ্চলৰ ৰোগীসকলৰ জৰুৰীকালীন স্বাস্থ্য সেৱা প্ৰদানৰ উদ্দেশ্যে দুখনকৈ নাও এম্বুলেঞ্চৰ লগতে কৰ্মচাৰীও যোগান ধৰা হৈছিল । কিন্তু মাত্ৰ এটা বছৰ কোনোমতে চলাচল কৰাৰ পিছৰ পৰা আজি প্ৰায় দহ বছৰে এই এম্বুলেঞ্চ ধুবুৰীৰ পাৰঘাটত বান্ধি ৰখা হৈছে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে । ৰোগী অনা নিয়াৰ পৰিৱৰ্তে পাৰঘাটতেই জহি খহি যাব ধৰিছে চৰকাৰৰ 108 নাও এম্বুলেঞ্চ সেৱা ।

লগতে পঢ়ক : Japanese encephalitis in Assam : চিৰাঙত জাপানীজ এনকেফেলাইটিছত এজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.