ETV Bharat / state

মৃতদেহ সন্মুখত লৈ মন্ত্ৰী বিমল বৰাৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

author img

By

Published : Aug 6, 2021, 9:59 PM IST

মৃতদেহ সন্মুখত লৈ বিদ্যুৎ বিভাগ হায় হায় বিমল বৰা হায় হায় আদি শ্ল'গান প্ৰতিবাদীৰ । বৃহস্পতিবাৰে বিদ্যুৎ বিভাগৰ অভিযন্তা কৰ্মচাৰীৰ চৰম গাফিলতিৰ ফলত বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰী বিপুল নাথে অকাল মৃত্যুক আঁকোৱালি ল’ব লগা হোৱাৰ বাবে এই প্ৰতিবাদ ৷

protest-for-electricity-incident-etv-bharat-assam
বিলাসীপাৰাৰ মৃতদেহ সন্মুখত লৈ দল-সংগঠনৰ উত্তাল প্ৰতিবাদ

পশ্চিম বিলাসীপাৰা, 6 আগষ্ট : বিলাসীপাৰাৰ বৰুৱাপাৰা শাকাতি গাঁৱত মৃতদেহ সন্মুখত লৈ দল-সংগঠন আৰু ৰাইজৰ উত্তাল প্ৰতিবাদ । বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰী বিপুল নাথক পৰিকল্পিত হত্যাৰ অভিযোগ নাথ যোগী ছাত্ৰ সন্থা, আছু, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ আৰু ৰাইজৰ । বিপুল নাথৰ পৰিয়ালক সংস্থাপন দিয়া, এক কালীন সাহায্য প্ৰদান কৰা আৰু ঘটনাৰ লগত জড়িত সকলো দোষীক তদন্ত ক্ৰমে শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰী সকলে । অন্যথা মৃতদেহ চমজি নোলোৱাৰ হুংকাৰ প্ৰতিবাদী সকলৰ ।

মৃতদেহ সন্মুখত লৈ বিদ্যুৎ বিভাগ হায়, হায়, বিমল বৰা হায় হায় আদি শ্ল'গান প্ৰতিবাদীৰ । উল্লেখ্য যে, বৃহস্পতিবাৰে বিদ্যুৎ বিভাগৰ অভিযন্তা কৰ্মচাৰীৰ চৰম গাফিলতিৰ ফলত বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰী বিপুল নাথে অকাল মৃত্যুক আঁকোৱালি ল’ব লগা হৈছিল । বিলাসীপাৰা বিদ্যুৎ উপসংমণ্ডলৰ অন্তৰ্গত হৰলটাৰীত বিজুতি ঘটি থকা বিদ্যুতৰ খুঁটাত উঠি কাম কৰি থকা অৱস্থাত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি গুৰুতৰভাৱে আহত হোৱা বিপুল নাথক চিকিৎসালয় লৈ নিয়াৰ পথত মৃত্যু হয় ।

বিদ্যুৎ সংযোগ বিচ্ছিন্ন নকৰাকৈ বিদ্যুৎ পৰিবাহী তাঁৰৰ কাম কৰিবলৈ লওঁতেই এই অঘটন সংঘটিত হয় । স্বয়ং বিভাগীয় অভিযন্তাৰ সন্মুখতে বিদ্যুৎ তাঁৰত লাগি অস্থায়ী কৰ্মচাৰী জনৰ মৃত্যু হোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদৰ সৃষ্টি হৈছে । উল্লেখ্য যে, এই ঘটনা পূৰ্বতেও ঘটাৰ নজিৰ আছে ৷

কিছুদিন পূৰ্বে, বিশ্বনাথ চাৰিআলিৰ শক্তি বিভাগৰ অন্তৰ্গত পাভৈ বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষত অঘটন সংঘটিত হৈছে । শক্তি বিভাগৰ চৰম গাফিলতিৰ ফলত পাভৈ বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষৰ অন্তৰ্গত চালাইকাঠি গাঁও পঞ্চায়তৰ এটা 11 হাজাৰ ভল্টৰ বিদ্যুতৰ খুঁটাত এজন অস্থায়ী কৰ্মচাৰী কাম কৰিবলৈ উঠিছিল । সেই সময়তে খুঁটাটোৰে বিদ্যুৎ প্ৰবাহিত হোৱাৰ ফলত কৰ্মচাৰীজন বিদ্যুতপৃষ্ট হৈ তললৈ পৰি যায় ৷

কৰ্মচাৰীজনক সংকটজনক অৱস্থাত বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও কৰ্মচাৰীজনৰ ইতিমধ্যে মৃত্যু ঘটা বুলি চিকিৎসকে জনায় । বিগত 2019 চনত বিশ্বনাথ চাৰিআলিৰ মাজ-মজিয়াত একে বিভাগৰে অস্থায়ী কৰ্মচাৰী ৰবিন দাস নামৰ কৰ্মচাৰী গৰাকীয়ে বিদ্যুতৰ খুঁটাত উঠি কাম কৰি থকাৰ সময়তে হঠাৎ লগা জুইত মৃত্যুবৰণ কৰিছিল ৷ বিশ্বনাথৰ বিদ্যুত উপ-সংমণ্ডলৰ এজন অভিযন্তাৰ গাফিলতিৰ ফলতে অস্থায়ী কৰ্মচাৰীজনৰ মৃত্যু হোৱা বুলি অভিযোগ উঠিছিল ৷ এই ঘটনা সমূহ মাৰ নৌযাওঁতেই পুনৰ অনুৰূপ ঘটনা সংঘটিত হৈছে বিলাসীপাৰাত ৷

লগতে পঢ়ক:বিশ্বনাথত বিদ্যুত বিভাগৰ চৰম গাফিলতি: অস্থায়ী কৰ্মচাৰীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.