ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত পূৱ বিলাসীপাৰাত মানৱ শৃংখল কাৰ্যসূচী

author img

By

Published : Jul 26, 2020, 9:43 PM IST

অখিল গগৈৰ মুক্তিৰ দাবীত পূৱ বিলাসীপাৰাৰ চাপৰৰ ফলিমাৰীত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল কাৰ্যসূচী ৷

protest-at-east-bilasipara-to-free-akhil-gogoi
অখিল গগৈৰ মুক্তিৰ দাবীত পূৱ বিলাসীপাৰাত মানৱ শৃংখল কাৰ্যসূচী

পূৱ বিলাসীপাৰা, ২৬ জুলাইঃ কৰ'ণাৰ আৰু বানৰ সংহাৰৰ মাজতেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিভিন্ন দল সংগঠনে অখিল গগৈৰ মুক্তিৰ দাবীত ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ৷ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত দেওবাৰে পূৱ বিলাসীপাৰাৰ চাপৰত মানৱ-শৃংখল কাৰ্যসূচী গ্ৰহণ কৰে ৷ চাপৰ আঞ্চলিক কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত চাপৰৰ ফলিমাৰীত ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷ উক্ত কাৰ্যসূচীত ধুবুৰী জিলা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ নেতা-কৰ্মী সকল উপস্থিত থাকে ৷

অখিল গগৈ জিন্দাবাদ আৰু লগতে চৰকাৰ বিৰোধী শ্লোগানেৰে মুখৰ হৈ পৰে প্ৰতিবাদী লোকসকল ৷ কৃষক নেতা অখিল গগৈক অতি শীঘ্ৰে মুকলি কৰি দিয়াৰ সজোৰে দাবী তোলে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷

লগতে পঢ়কঃঅখিল গগৈৰ মুক্তি আৰু CAA বাতিলৰ দাবীত লেজাইত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.