ETV Bharat / state

ধুবুৰীত ডাম্পাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

author img

By

Published : Jun 25, 2022, 9:16 PM IST

ডাম্পাৰৰ দৌৰাত্ম বন্ধ কৰাৰ দাবীত ধুবুৰীত উত্তাল প্ৰতিবাদ (Protest against Dumper)। আক্রাছু, গৰীয়া মৰিয়া জাতীয় পৰিষদ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে একাধিক সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে । ঘাইপথ অৱৰোধ কৰিলে প্ৰতিবাদকাৰীয়ে ।

Dumper
ধুবুৰীত ডাম্পাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

ধুবুৰী,২৫ জুন : ৰাজ্যৰ ভিন্ন প্ৰান্তত ডাম্পাৰৰ দৌৰাত্ম প্ৰতিদিনে বৃদ্ধি পাইছে । অতিৰিক্ত বোজা লৈ একাংশ ডাম্পাৰে চলোৱা দৌৰাত্মক লৈ অতিষ্ঠ হৈ পৰিছে একাংশ যাত্ৰী তথা সাধাৰণ নাগৰিক । বহু সময়ত তীব্ৰ বেগী ডাম্পাৰে দুৰ্ঘটনা সংঘটিত কৰি বহুতকে ঘূণীয়া কৰিছে (Accident due to high speed dumper)। ডাম্পাৰৰ খুন্দাত বহু পথচাৰী আৰু চালকৰ মৃত্যুও হৈছে ।

শেহতীয়াকৈ ধুবুৰী জিলাত শিল কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্মক লৈ অতিষ্ঠ হৈ পৰিছে ৰাইজ তথা দল-সংগঠন । যাৰ বাবে জিলাখনৰ কচুগাঁৱত ৰাজপথলৈ ওলাই আহিল স্থানীয় লোক আৰু কেইবাটাও সংগঠন । ডাম্পাৰৰ দৌৰাত্ম বন্ধ কৰাৰ দাবী ধুবুৰী কচুগাওঁ পথ অৱৰোধ কৰিলে প্ৰতিবাদকাৰীসকলে (Protest against Dumper in Dhubri)। উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে জিলা আক্রাছু, জিলা গৰীয়া মৰিয়া জাতীয় পৰিষদ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে একাধিক সংগঠনে ।

প্ৰতিবাদকাৰীসকলে অভিযোগ কৰা মতে দিনে নিশাই শ্ৰীৰামপুৰৰ পৰা শ শ শিল ভৰ্তি ডাম্পাৰ ধুবুৰী কচুগাঁও পথ অৰ্থাৎ ডি কে পথেৰে সোনাহাট আন্তঃৰ্জাতিক বাণিজ্য কেন্দ্ৰৰ উপৰিও ধুবুৰী জাহাজ ঘাটৰ লগতে বিভিন্ন স্থানলৈ অহা যোৱা কৰে । শ্ৰীৰামপুৰৰ পৰা ধুবুৰী-কচুগাঁও পথেৰে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে নিতৌ বাধাহীনভাৱে চলি আছে অতিৰিক্ত বোজাৰ ডাম্পাৰসমূহ । কিন্তু সকলো দেখিও যেন নেদেখাৰ ভাও ধৰিছে ধুবুৰী পৰিবহণ বিভাগ আৰু বন বিভাগে । জিলা পৰিবহণ বিভাগ আৰু বন বিভাগৰ ৰহস্যজনক ভূমিকাৰ বাবে প্ৰতিদিনে ডাম্পাৰৰ দৌৰাত্ম বৃদ্ধি হোৱাৰ অভিযোগ কৰে প্ৰতিবাদকাৰীয়ে । যাৰ বাবে পথছোৱাত প্ৰায় প্ৰতিদিনে সংঘটিত হৈছে দুৰ্ঘটনা ।

ইয়াৰ পিছতো ধুবুৰী বন বিভাগ, পৰিবহণ বিভাগ তথা আৰক্ষী প্ৰশাসনৰ নীৱৰ ভূমিকাত অতিষ্ঠ হৈ পৰে স্থানীয় লোকসকল । সেয়েহে ধুবুৰী জিলাৰ বানীয়ামাৰী ডি কে পথত অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে ৰাইজ তথা সংগঠনসমূহে । আনহাতে অভিযোগ অনুসৰি ডাম্পাৰসমূহ এখন চালানেৰে দুবাৰ তিনিবাৰকৈ শিল সৰবৰাহ কৰি আহিছে । সেয়ে অতি শীঘ্ৰে ডাম্পাৰৰ দৌৰাত্ম ৰোধৰ বাবে প্ৰশাসনক পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীয়ে ।

লগতে পঢ়ক :Maharashtra Political Crisis: এন চি পিৰ প্ৰতিবাদী নেতাক ৰেডিশ্বনৰ সন্মুখৰ পৰা চোঁচৰালে আৰক্ষীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.