ETV Bharat / state

ধুবুৰীত সংবাদমেল সম্বোধন জিলা আৰক্ষী অধীক্ষকৰ - সংবাদমেল

ধুবুৰীত বুধবাৰে জিলা আৰক্ষী অধীক্ষকৰ সংবাদমেল সম্বোধন । সংবাদমেলত কৰ’ণা ভাইৰাছ আৰু নতুন দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ প্ৰসংগ উত্থাপন কৰাৰ লগতে একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ স্পষ্টীকৰণ আৰক্ষী অধীক্ষক যুৱৰাজৰ ।

Pressmeet of Dhubri SP dhubri assam etv bharat news
হেল্পলাইন নম্বৰ মুকলি
author img

By

Published : Apr 1, 2020, 7:31 PM IST

ধুবুৰী,1 এপ্ৰিলঃ নতুন দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ ধৰ্মীয় অনুষ্ঠানত অসমৰ বহু সংখ্যক লোকে অংশগ্ৰহণ কৰাৰ তথ্য পোহৰলৈ অহাৰ পিছত সমগ্ৰ অসমত সৃষ্টি হৈছে চাঞ্চল্য । একে সময়তে ধুবুৰীৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 80 জন লোকে অংশগ্ৰহণ কৰিছিল দিল্লীৰ উক্ত ধৰ্মীয় সভাত । মঙলবাৰে অসমৰ একাংশ বৈদ্যুতিক সংবাদ মাধ্যমে দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ পৰা অহা এদল লোকে ধুবুৰীৰ পাণবাৰী নবাবী মছজিদত কেইদিনমান আছিল বুলি বাতৰি প্ৰকাশ কৰিছিল ৷ ইয়াক লৈ ধুবুৰী জিলাত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

কৰ’ণা ভাইৰাছক লৈ সষ্টম ধুবুৰী প্ৰশাসন

বিষয় সন্দৰ্ভত বুধবাৰে ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক যুৱৰাজে নিজ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি প্ৰকাশিত বাতৰিটো ভিত্তিহীন বুলি দাবী কৰে । সম্প্ৰতি লোক কেইজন দিল্লীত আছে বুলি দাবী কৰাৰ লগতে আৰক্ষী অধীক্ষক গৰাকীয়ে জিলাখনৰ পৰা যি লোক দিল্লীত গৈছিল তাৰ ভিতৰৰ কোনো লোক ধুবুৰীৰ মছজিদলৈ অহা নাই বুলি স্পষ্ট কৰে ৷ লগতে দিল্লীৰ পৰা ঘূৰি অহা দুজন লোকক ধুবুৰী অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কোঠাত ৰাখি পৰ্যবেক্ষণ কৰা হৈছিল যদিয়ো এজনৰো দেহত ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰা নাই ৷

হেল্পলাইন নম্বৰ মুকলি

ইফালে,একাংশ লোকে ছ’চিয়েল মেডিয়াৰ জৰিয়তে বিষয়টো সন্দৰ্ভত অপপ্ৰচাৰ চলাই থকাৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী সময়ত তেনে নকৰাৰ লগতে সঠিক তথ্যৰ বাবে আৰক্ষী-প্ৰশাসনৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাই এটা নম্বৰ মুকলি কৰি দিয়ে আৰক্ষী অধীক্ষক যুৱৰাজে । নম্বৰটো হৈছে 69001-34157 ৷

আনহাতে,লক ডাউনৰ সময়ছোৱাত ধুবুৰীৰ ২৫ জনকৈ লোকক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে প্ৰায় 30খন বাহন জব্দ কৰে আৰক্ষীয়ে ৷ সংবাদমেলত লক ডাউন অমান্য নকৰি ঘৰৰ ভিতৰত থাকি নিজকে সুৰক্ষিত ৰাখিবলৈ বিনম্ৰতাৰে আহ্বান জনায় ধুবুৰীৰ আৰক্ষী অধীক্ষক গৰাকীয়ে ।

লগতে চাওকঃ গ্ৰাম্যাঞ্চলৰ লোকক অকলেই সজাগ কৰি ফুৰিছে এজন স্বাস্থ্যকৰ্মীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.