ETV Bharat / state

পদুম এৰি হাতলৈ ঢাপলি মেলাৰ চেষ্টা একাংশ বিজেপি নেতাৰ

author img

By

Published : Aug 20, 2020, 8:20 PM IST

বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে গেৰুৱা দলৰ কেইবাগৰাকীও হাই প্ৰফাইল নেতাৰ ৷ ইতিমধ্যে এই সন্দৰ্ভত কংগ্ৰেছৰ শীৰ্ষ নেতাৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে বিজেপি নেতাসকলে । ধুবুৰীত বৃহস্পতিবাৰে এই দাবী উত্থাপন কৰি মন্তব্য প্ৰকাশ কৰে প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীয়ে ।

preparation to join congress of some bjp leader in dhubri assam etv bharat news
তুংগত নিৰ্বাচনৰ প্ৰস্তুতি

ধুবুৰী,20 আগষ্ট: একপ্ৰকাৰ খহনীয়া আৰম্ভ হৈছে গেৰুৱা বাহিনীত ৷ সেয়ে গেৰুৱা দল এৰি কংগ্ৰেছলৈ ঢাপলি মেলাৰ মন একাংশ বিজেপি নেতাৰ ৷ পৰৱৰ্তী বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে গেৰুৱা দলৰ কেইবাগৰাকীও হাই প্ৰফাইল নেতাৰ ৷ ইতিমধ্যে এই সন্দৰ্ভত কংগ্ৰেছৰ শীৰ্ষ নেতাৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে বিজেপি নেতাসকলে । ধুবুৰীত বৃহস্পতিবাৰে এই দাবী উত্থাপন কৰি মন্তব্য প্ৰকাশ কৰে প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীয়ে ।

সৎভাৱনা দিৱস উদযাপন

উল্লেখ্য যে, বৃহস্পতিবাৰে ভাৰতবৰ্ষৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ ৭৬ সংখ্যক জন্মদিন উপলক্ষে ধুবুৰী জিলা যুৱ কংগ্ৰেছে উদযাপন কৰে সৎভাৱনা দিৱস ৷ এই দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে সৰ্ব ভাৰতীয় যুৱ কংগ্ৰেছৰ সম্পাদক তথা অসমৰ তত্বাৱধায়ক ৷ ইয়াৰ পিছতে জিলা কংগ্ৰেছৰ সভাপতি উত্তম কুমাৰ সৰকাৰ আৰু জিলা যুৱ কংগ্ৰেছৰ সভাপতি আলতাপ হুছেইন মণ্ডলৰ উপস্থিতিত ৰাজীৱ ভৱনত অনুষ্ঠিত হয় এক কাৰ্যনিৰ্বাহক সভা ৷ উল্লেখ্য যে, উক্ত কাৰ্যনিৰ্বাহক সভাৰ পিছতে ৰাজীৱ ভৱনৰ সন্মুখত EIA ২০২০ প্ৰত্যাহাৰৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে ৷

বিজেপি দলত্যাগৰ যো-জা একাংশ নেতাৰ

লগতে চাওকঃ আছুৰ ৰাজনৈতিক দল সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.