ধুবুৰী, ২৭ মে': ক'ৰণা মহামাৰীৰ প্ৰকোপ চলি থকা সময়তে গোৱালপাৰা ডাক সংমণ্ডলে গ্ৰাহক তথা ৰাইজৰ সুবিধাৰ্থে বুধবাৰ ভ্ৰাম্যমাণ ডাক সেৱাৰ আৰম্ভ কৰে । এই উপলক্ষে বুধবাৰে ধুবুৰীৰ প্ৰধান ডাকঘৰ চৌহদত গোৱালপাৰা ডাক সংমণ্ডলৰ অধীক্ষক দেৱৰাজ শেঠীয়ে এই সেৱা মুকলি কৰে । ভ্ৰাম্যমাণ ডাক সেৱাৰ যোগেদি সমগ্ৰ ধুবুৰী জিলাতে বিশেষকৈ ভিতৰুৱা গ্ৰাম্য অঞ্চলসমূহত ডাকঘৰৰ দ্বাৰা উপলব্ধ সেৱাসমূহ বিশেষকৈ ছেভিংছ, ৰেকাৰিং ডিপ'জিট, সুকন্যা সমৃদ্ধি একাউণ্ট, ডাক জীৱন বীমাৰ লেনদেনৰ সেৱা আগবঢ়োৱা হ'ব।


ইয়াৰ উপৰিও আই পি পি বি একাউণ্ট আৰু আধাৰযুক্ত যিকোনো বেংক একাউণ্টৰ পৰা টকা উঠোৱাৰ সুবিধাৰ লগতে ভাৰত চৰকাৰৰ বিভিন্ন জন সুৰক্ষা মূলক আঁচনি যেনে প্ৰধানমন্ত্ৰী জীৱন সুৰক্ষা আঁচনি, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা আঁচনি আৰু অটল পেঞ্চন আঁচনি আদিৰ সেৱা আগবঢ়োৱা হ'ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ধুবুৰী জিলাৰ গোলকগঞ্জৰ পাৰ্শ্বৱৰ্তী গাওঁসমূহত এই সেৱা আগবঢ়োৱা হয় আৰু ২৮ মে' ত ঝগৰাৰপাৰ অঞ্চলত ভ্ৰাম্যমাণ ডাক সেৱা আগবঢ়োৱা হ'ব বুলি ডাক অধীক্ষক দেৱৰাজ শেঠী আৰু সহকাৰী অধীক্ষক গিৰিকান্ত ডেকাই জানিবলৈ দিয়ে । আনহাতে, গোৱালপাৰাৰ ডাক সংমণ্ডল বিভাগৰ এনে পদক্ষেপক শলাগ লৈছে সকলোৱে।