ETV Bharat / state

ভূতবাংলাত পৰিণত এখন মহকুমা অসামৰিক চিকিৎসালয়

author img

By

Published : Jul 15, 2021, 9:31 PM IST

বিলাসীপাৰাৰ প্ৰথমখন মহকুমা অসামৰিক চিকিৎসালয় (Bilasipara Sub-Divisional Civil Hospital)ৰ অচলাৱস্থা ৷ চিৰাকুটা-যমদুৱাৰত অৱস্থিত চিকিৎসালয়খন ভূতবাংলাত পৰিণত ৷ এই সন্দৰ্ভত চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

poor-condition-of-bilasipara-first-sub-divisional-civil-hospital
বিলাসীপাৰা মহকুমা অসামৰিক চিকিৎসালয়ৰ দুৰাৱস্থা

পশ্চিম বিলাসীপাৰা,15 জুলাই : বছৰৰ পাচত বছৰ ধৰি পৰিত্যক্ত অৱস্থাত পৰি আছে বিলাসীপাৰাৰ প্ৰথমখন মহকুমা অসামৰিক চিকিৎসালয় (Bilasipara Sub-Divisional Civil Hospital) । মহকুমাটোৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথ সংলগ্ন চিৰাকুটা-যমদুৱাৰত অৱস্থিত চিকিৎসালয়খন সম্প্ৰতি পৰিণত হৈছে ভূতবাংলাত ৷ লগতে চিকিৎসালয়খনত অসামাজিক কাৰ্যকলাপ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । ইয়াৰ পাচতো চৰকাৰ তথা জনপ্ৰতিনিধিৰ কাণসাৰ নথকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

উল্লেখ্য যে, 20 বছৰ পূৰ্বে মহকুমাটোৰ চিৰাকুটা-যমদুৱাৰত নিৰ্মাণ কৰা হৈছিল এই মহকুমা অসামৰিক চিকিৎসালয়খন । তদানীন্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন চৰকাৰৰ দিনত কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰিছিল চিকিৎসালয়খন । নিৰ্মাণৰ পাচত মাত্ৰ কেইমাহমান চিকিৎসালয়খনত চলিছিল চিকিৎসা সেৱা ৷

কিন্তু তাৰ পাচতেই বন্ধ হৈ পৰে চিকিৎসালয়খনৰ চিকিৎসা সেৱা । বিলাসীপাৰাৰ প্ৰথমখন চিকিৎসালয় শীঘ্ৰেই পুনঃমুকলি কৰি দিয়াৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Dr Himanta Biswa Sarma) নেতৃত্বাধীন চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে ৷ এই ক্ষেত্ৰত চৰকাৰখনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াই সময়তহে লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক : ৰাজ্যত অনিয়ন্ত্রিত হৈ আছে ক'ভিডৰ সংক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.