বিলাসীপাৰা, 9 মে': মেৰাজুল হক চৌধুৰী (৩৮) নামৰ অসম আৰক্ষীৰ কনিষ্টবল এজনৰ মৃতদেহ চিপ লৈ থকা অৱস্থাত নিজৰ চৰকাৰী আৱাস গৃহত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । কনিষ্টবল জন পৰিয়ালৰ সৈতে বিলাসীপাৰা আৰক্ষী থানাৰ আৱাস গৃহত আছিল বুলি জানিব পৰা গৈছে ।
কনিষ্টবল জনক বিলাসীপাৰা আৰক্ষী থানাৰ পৰা কিছুদিন পুৰ্বে ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানা লৈ বদলি কৰা হৈছিল। গৌৰীপুৰ আৰক্ষী থানাত যোগদান কৰাৰ পিছতো কনিষ্টবল জনে বিলাসীপাৰা থানা চৌহদত থকা পুৰ্বৰ আৱাস গৃহতে আছিল । শুকুৰবাৰে কনিষ্টবল জনৰ পত্নী আৰু দুই সন্তান পিতৃ গৃহলৈ গৈছিল বুলি জানিব পৰা গৈছে ।
আজি তেওঁৰ পৰিয়ালৰ লোকে আহি নিশা অকলে থকা আৱাস গৃহটোৰ দুৱাৰ বন্ধ হৈ থকাত সন্দেহ ওপজে । পিছত কনিষ্টবল জন নিজৰ আৱাস গৃহত চিপ লৈ আত্মহত্যা কৰা অৱস্থাত প্ৰত্যক্ষ কৰে । ইয়াৰ পিছতে থানা চৌহদত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় । পৰৱৰ্তী সময়ত বিলাসীপাৰা মহকুমা দণ্ডাধীশৰ উপস্থিতিত মৃতদেত উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে ।
কনিষ্টবলজনে কিয়ে এই চৰম পন্থা গ্ৰহণ কৰিছে সেয়া জানিব পৰা হোৱা নাই । আৰক্ষীয়ে অব্যাহত ৰখিছে তদন্ত ।