ধুবুৰী, 11 অক্টোবৰ: অসম আৰক্ষীৰ ম’ষ্ট ৱান্টেড. আন্তঃৰাষ্ট্ৰীয় গৰুৰ চোৰাং ছিণ্ডিকেটৰ মাষ্টাৰ মাইণ্ড গো মাফিয়া আদম আলী সম্প্ৰতি আৰক্ষীৰ জালত ৷ ধুবুৰী আৰক্ষীৰ দলে অপৰাধ শাখাৰ সহযোগত গুৱাহাটীৰ হাতীগাঁও গ্লোৱেল চিকিৎসালয়ৰ সমীপত অভিযান চলাই গ্ৰেপ্তাৰ কৰে আদম আলীক ৷
আদম আলীক গ্ৰেপ্তাৰ কৰাৰ পাচতেই অভিযুক্ত জনৰ বাসগৃহত চলিল আৰক্ষীৰ অভিযান ৷ দেওবাৰে ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ আৰু কাৰ্যবাহী দণ্ডাধীশ জয় শংকৰ শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আদম আলীৰ গৌৰীপুৰৰ মাটিয়াবাগ আৰু বালাজান অঞ্চলত থকা দুয়োটা ঘৰতে অভিযান চলায় ৷ অভিযানত বহু আপত্তিজনক সামগ্ৰী জব্দ কৰে অভিযানকাৰী দলটোৱে ৷ এটা ৯ এম.এম পিষ্টল আৰু এ.কে-৪৭ ৰ 10 জাই গুলীৰ লগতে এটা বাকচ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয় দলটোৱে ৷ আনহাতে ঘৰটোৰ এটা আলমিৰাৰ পৰা কেইবাটাও বেংক একাউণ্টৰ মুঠ 8 খন এটিএম কাৰ্ড, পাছপ'ৰ্টসহ বহু আপত্তিজনক সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে ৷ গো মাফিয়া জনৰ ঘৰৰ পৰা মাৰণাস্ত্ৰৰ লগতে কেতবোৰ আপত্তিজনক সামগ্ৰী উদ্ধাৰ হোৱাৰ পাচতে, কোনো উগ্ৰপন্থী সংগঠন আৰু দেশ বিৰোধী বিভিন্ন চক্ৰৰ সৈতে অভিযুক্তজন জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰে ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ৷
লগতে পঢ়ক: SI কেলেংকাৰী প্ৰসংগঃ ৰঙাপৰাত আটক আৰু এজন