ETV Bharat / state

Pobitra Margherita in Dhubri : বদৰুদ্দিন আজমলক কটাক্ষ পবিত্ৰ মাৰ্ঘেৰিটাৰ

author img

By

Published : Apr 8, 2023, 10:19 AM IST

অৰুণোদয় আঁচনিৰ জিলা ভিত্তিক নিৰীক্ষণ সমিতিৰ বৈঠকত উপস্থিত পবিত্ৰ মাৰ্ঘেৰিটা (Pobitra Margherita at Dhubri)। ধুবুৰীত উপস্থিত হৈ স্থানীয় সাংসদ বদৰুদ্দিন আজমলক সমালোচনা কৰিলে নেতাগৰাকীয়ে । NCERTৰ বুৰঞ্জী পাঠ্যক্ৰমক লৈ চলি থকা বিতৰ্ক সম্পৰ্কত কি ক'লে বিজেপি সাংসদগৰাকীয়ে ?

Pobitra Margherita at Dhubri
বদৰুদ্দিন আজমলক কটাক্ষ পবিত্ৰ মাৰ্ঘেৰিটাৰ

ধুবুৰী,৮ এপ্ৰিল : ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলক কটাক্ষ বিজেপি সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাৰ । পবিত্ৰ মাৰ্ঘেৰিটাৰ মতে স্থানীয় সাংসদগৰাকীতকৈ তেওঁ ধুবুৰীলৈ বেছিকৈ আহে । ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ত অৰুণোদয় ২.০ ৰ জিলা ভিত্তিক নিৰীক্ষণ সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভাত অংশ লৈ পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে ধুবুৰী এতিয়া তেওঁৰ গৃহ জিলাত পৰিণত হৈছে । স্থানীয় সাংসদ বদৰুদ্দিন আজমলতকৈ তেওঁ ধুবুৰীৰ জনসাধাৰণৰ সৈতে বেছি সময় কটায় বুলিও উল্লেখ কৰে (Pobitra Margherita slams Badaruddin Ajmal)।

ইফালে এনচিইআৰটিৰ ইতিহাসৰ পাঠ্যক্ৰম সম্পৰ্কীয় বিতৰ্ক সম্পৰ্কত তেওঁ কয় যে অপ্ৰিয় সত্য যে মোগল ইতিহাসকে বেছিকৈ অধ্যয়ন কৰা হৈছিল (NCERT history controversy)। তেওঁৰ মতে প্ৰতিটো জাতি-জনগোষ্ঠীৰ প্ৰতিটো সভ্যতাৰ কথা বিজ্ঞানসন্মতভাৱে সন্নিৱিষ্ট হ'ব লাগে । ইফালে এনচিইআৰটিয়ে কি কৈছে সেয়া অধ্যয়ন কৰাৰ পূৰ্বে একাংশই সামাজিক মাধ্যমত নিজৰ ৰায় দিছে (Mughal Empire Controversy)।

তেওঁলোকে যেন গোটেই পাঠ্যক্ৰমত কি কি আছে সকলোখিনি পঢ়ি শেষ কৰিলে আৰু এনে ধৰণৰ এটা সিদ্ধান্ত দিছে । আনকি বহুতে নিজৰ পোষ্টবোৰ ডিলিট কৰা বুলিও তেওঁ উল্লেখ কৰিছে । তেওঁৰ মতে ইয়াত কোনো ধৰণৰ ইতিহাস বিকৃতকৰণ বা ইতিহাস নাইকীয়া কৰা হোৱা নাই । মোগল ইতিহাসৰ যিটো নিৰ্দিষ্ট সময় আছে সেইখিনিও পঢ়িব ।

ঠিক সেইদৰে, বাকী যি আমাৰ ভাৰতীয় ঐতিহ্য, যিদৰে ব্ৰিটিছৰ সেই মেকক্লেয়াৰৰ দিনৰ পৰা ঢাকি ৰাখিবলৈ চেষ্টা কৰা হৈছিল, আমাৰ উত্তৰ-পূবকে আদি কৰি বিভিন্ন প্ৰান্তৰ ইতিহাস, মূলসুঁতিৰ ভাৰতীয় ইতিহাসত সন্নিৱিষ্ট কৰা হোৱা নাছিল সেইবিলাক সম্পূৰ্ণ নিৰপেক্ষ আৰু বিজ্ঞানসন্মতভাৱে সামৰি পাঠ্যপুথিত দেশৰ বিদ্বান সমাজে সন্নিৱিষ্ট কৰিব বুলিও তেওঁ আশাবাদী (Pobitra Margherita on Mughal Empire Controversy)।

উল্লেখ্য যে, ধুবুৰী পৌৰসভাৰ ১৪০তম প্ৰতিষ্ঠা দিৱস উপলক্ষে ৭ দিনীয়া কাৰ্যসূচীৰ অন্তিম দিনা অনুষ্ঠিত হোৱা ৰক্তদান শিৱিৰতো অংশ লয় সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই । পবিত্ৰ মাৰ্ঘেৰিটাই অৰুণোদয় আঁচনিৰ প্ৰশংসা কৰি কয় যে ধুবুৰী জিলাৰ অৰুণোদয় ২.০ৰ নিৰীক্ষণ কমিটিৰ তেওঁ ৰাজ্য চৰকাৰৰ মনোনিত সদস্য । অৰুণোদয় আঁচনি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ এক যুগান্তকাৰী আঁচনি বুলিও তেওঁ উল্লেখ কৰে । সেই আঁচনিৰ সুবিধা যাতে দৰিদ্ৰ লোকে বা প্ৰাপ্য লোকসকলে ল'ব পাৰে তাৰ বাবে ধুবুৰীত বৈঠকৰ আয়োজন কৰা হৈছে বুলি সাংসদগৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক :Dibrugarh BJP state regional office: ডিব্ৰুগড়ত নিৰ্মাণ হ'ব বিজেপিৰ অত্যাধুনিক আঞ্চলিক কাৰ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.