ETV Bharat / state

Water mixed with petrol: পেট্ৰ’ল পাম্পত পেট্ৰ’লৰ বিপৰীতে ওলাল বাল্টিয়ে বাল্টিয়ে পানী - Petrol pumps dispense water instead of fuel

পেট্ৰ’ল পাম্পত ৰাইজক ৰামঠগন ৷ পেট্ৰ’ল পাম্পত তেলৰ বিপৰীতে ওলাইছে বাল্টিয়ে বাল্টিয়ে পানী (Petrol pumps dispense water instead of fuel)

Petrol Pump Scam at Bilasipara
পেট্ৰ’ল পাম্পত পেট্ৰ’লৰ বিপৰীতে ওলাল বাল্টিয়ে বাল্টিয়ে পানী
author img

By

Published : Jul 29, 2022, 12:13 PM IST

বিলাসীপাৰা, 29 জুলাই: বিলাসীপাৰাত আজৱ ঘটনা ৷ পেট্ৰ’ল পাম্পত ৰাইজক ৰামঠগন ৷ তেলৰ বিপৰীতে ওলাইছে বাল্টিয়ে বাল্টিয়ে পানী (Petrol pumps dispense water instead of fuel) ৷

বিলাসীপাৰাৰ সোনামুখী হিন্দুস্তান পেট্ৰোলিয়ামত দীৰ্ঘদিনৰ পৰা পেট্ৰ’লৰ নামত পানী মিহলি কৰি গ্ৰাহকক বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে (Water mixed with petrol) ৷

বৃহস্পতিবাৰে নিশা এজন স্থানীয় লোকে তেওঁৰ AS 17C 0305 নম্বৰৰ মালবাহী গাড়ীখনত প্ৰায় 3600 টকাৰ তেল ভৰাই কিছু দূৰ যোৱাৰ পিছতেই গাড়ী বন্ধ হৈ যায় ৷ পিছত ব্যক্তিজনে গাড়ীখনৰ বিজুটি হোৱাৰ সন্দেহ কৰি গেৰেজৰ কৰ্মচাৰীক মাতে ৷ অৱশেষত বহু চেষ্টাৰ অন্তত গাড়ীখনৰ টেঙ্কিত তেলৰ পৰিৱৰ্তে পানী থকাৰ কথা গম পায় কৰ্মচাৰীজনে ৷

পেট্ৰ’ল পাম্পত পেট্ৰ’লৰ বিপৰীতে ওলাল বাল্টিয়ে বাল্টিয়ে পানী

তাৰ পিছতেই পেট্ৰ’ল পাম্পটোত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ উত্তেজিত ৰাইজে সোনামুখী হিন্দুস্তান পেট্ৰোলিয়াম নামৰ পেট্ৰ’ল পাম্পটোৰ টেংকিৰ পৰা পেট্ৰ’লৰ পৰিৱৰ্তে বাল্টিয়ে বাল্টিয়ে উলিয়ালে পানী (Buckets of water instead of petrol) ৷

আনহাতে স্থানীয় লোকে কোৱা অনুসৰি কেৱল এইবাৰেই নহয়, পূৰ্বতেও এই পেট্ৰ’ল পাম্পটোত এনেদৰে পেট্ৰ’লৰ সলনি পানী উলোৱা ঘটনা সংঘটিত হৈছিল ৷ পেট্ৰ’ল পাম্পটোৰ এনে কৰ্মকাণ্ডক লৈ এতিয়া জাঙুৰ খাই উঠিছে দল সংগঠনৰ লগতে স্থানীয় ৰাইজ ৷ অতি শীঘ্ৰে পেট্ৰ’ল পাম্পটো ছীল কৰিবলৈ বিলাসীপাৰা মহকুমা প্ৰশাসন আৰু যোগান বিভাগক দাবী জনাইছে আমছুসহ কেইবাটাও স্থানীয় সংগঠনে ৷

লগতে পঢ়ক: Motorcycle Recovered: বৰপেটাত উদ্ধাৰ নম্বৰ প্লেটবিহীন মটৰ চাইকেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.