বিলাসীপাৰা,11 নৱেম্বৰঃ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ যমদুৱাৰ দ্বিতীয়খণ্ডৰ নিৱাসী আলী আকবৰ ৷ পত্নী মমিনা খাতুন আৰু কন্যা আলেক জান নেছাক লৈ আকবৰে শ্ৰমিকৰ কাম কৰি জীৱন নিৰ্বাহ কৰিছিল ৷ কিন্তু কালৰ কুটিল গতিত আকবৰৰ জীৱনলৈ নামি আহিল ধুমুহা ৷ তিনিবছৰ পূৰ্বে এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হয় আলী আকবৰ ৷ তেওঁৰ লগতে তেওঁৰ পত্নী মমিনা খাতুনো আক্ৰান্ত হয় জটিল ৰোগত ৷ বিগত তিনি বছৰে দুই শয্যাগত পিতৃ-মাতৃক লৈ নিৰুপায় হৈ পৰিছে কন্যা আলেক জান নেছা ৷ পিতৃ-মাতৃৰ চিকিৎসাৰ বাবদ প্ৰয়োজনীয় ধন আনৰ ওচৰত খুজিব লগীয়া হৈছে কন্যাগৰাকীয়ে ৷
লগতে পঢ়কঃজম্মু-কাশ্মীৰত সেনাৰ অভিযান Live দৃশ্য
যদি কোনো হৃদয়বান ব্যক্তিয়ে পৰিয়ালটোক সহায় কৰিব বিচাৰে তেন্তে ইউনাইটেড বেংক অব ইণ্ডিয়াৰ হাকামা শাখাৰ বেংক একাউন্ট নম্বৰ 1086010560412 IFSC - UTBIOHAKG66 অথবা 9678835730 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল ৷