ETV Bharat / state

বেৰভাঙী ৰাজ্যিক চিকিৎসালয়ৰ আজৱ কাহিনী

author img

By

Published : Jun 28, 2019, 3:06 PM IST

এখন আজৱ চিকিৎসালয় ৷ য'ত চিকিৎসকৰ দায়িত্বত থাকে ফাৰ্মাচিষ্ট, ফাৰ্মাচিষ্টৰ দায়িত্বত থাকে নাৰ্চ আৰু ড্ৰেচাৰৰ দায়িত্ব পালন কৰে চকীদাৰে ৷

এখন আজৱ চিকিৎসালয়

ধুবুৰী, 28 জুনঃ ধুবুৰী জিলাৰ ভাৰত-বাংলা সীমান্তৰ এখন আজৱ চিকিৎসালয় ৷ য'ত চিকিৎসকৰ দায়িত্বত থাকে ফাৰ্মাচিষ্ট, ফাৰ্মাচিষ্টৰ দায়িত্বত থাকে নাৰ্চ আৰু ড্ৰেচাৰৰ দায়িত্ব পালন কৰে চকীদাৰে ৷ সীমান্তৰ প্ৰায় কুৰিখন গাঁৱৰ ৰাইজৰ একমাত্ৰ ভৰসাৰ থল বেৰভাঙী ৰাজ্যিক চিকিৎসালয় চলিছে এনেদৰেই | চিকিৎসালয়খনত চিকিৎসক হিচাপে ডা• নজৰুল ইচলাম, ডা• ফৰিদা ইয়াচমিন আৰু ডা• সঙ্গীতা মণ্ডলে নিযুক্তি লাভ কৰে | যদিও তিনিওজনৰ এজনেও নিয়মীয়াকৈ উপস্থিত নোহোৱাৰ অভিযোগ ৰাইজৰ | যাৰ বাবে ফাৰ্মাচিষ্ট মোৱাৰক আলীয়ে অকলে ৰোগী চাব লগীয়া হয় | ফলত ফাৰ্মাচিষ্টৰ দায়িত্ব পালন কৰে নাৰ্চে | ফলত এটা চেলাইন বা বেজীৰ কাৰণে ৰোগীয়ে ঘন্টাৰ পাচত ঘন্টা ধৰি বহি থাকিবলগীয়া হয় চিকিৎসালয় চৌহদত |

এখন আজৱ চিকিৎসালয়

ইপিনে দুবছৰ পূৰ্বে ড্ৰেচাৰজন বদলি হৈ যোৱাত ড্ৰেচাৰৰ দায়িত্ব পালন কৰিছে চকীদাৰগৰাকীয়ে ৷ চিকিৎসালয়খনৰ সোপাধিলা নীতিৰ সুযোগ লৈ স্থানীয় এগৰাকী দালালে চিকিৎসালয়তে আৰম্ভ কৰিছে জন্মৰ প্ৰমাণ-পত্ৰৰ মুকলি বেহা |

Intro:
অসমৰ আজৱ চিকিত্সালয় খনে হল ধুবুৰী জিলাৰ ভাৰত বাংলা সীমান্তৰ বেৰভাঙী ৰাজ্যিক চিকিত্সালয় | ইয়াত চিকিত্সকৰ দায়িত্বত ফাৰ্মাচিষ্ট , ফাৰ্মাচিষ্টৰ দায়িত্বত নাৰ্চ আৰু ড্ৰেচাৰৰ দায়িত্বত চকিদাৰ |Body:সীমান্তৰ প্ৰায় কুৰিখন গাঁৱৰ ৰাইজৰ একমাত্ৰ ভৰসা বেৰভাঙী ৰাজ্যিক চিকিত্সালতয় | চিকিত্সালয় খনত চিকিত্সক হিচাপে নিযুক্তি লাভ কৰে ডা• নজৰুল ইচলাম, ডা• ফৰিদা ইয়াচমিন আৰু ডা• সঙ্গীতা মণ্ডল | তিনি জনৰ এজনেও নিয়মীয়া কৈ উপস্থিত নহয় , কেতিয়াবাহে আহে |যাৰবাবে ফাৰ্মাচিষ্ট মোৱাৰক আলি অকলে ৰোগী চাব লগা হয় | ফলত ফাৰ্মাচিষ্টৰ দায়িত্ব পালন কৰে মমতাজ বেগম নামৰ নাৰ্চ গৰাকী | দুজনী নাৰ্চৰ আনজনী অৰ্থাত্ আজিজা ইয়াচমিন বেছিভাগ সময় অনুপস্থিত থাকে | সেয়ে ছেলাইন বা বেজী এটাৰ কাৰণে ৰোগীয়ে ঘন্টাৰ পিছত ঘন্টা ধৰি বহি থাকিব লগা হয় | ইপিনে দুবছৰ পূৰ্বে ড্ৰেচাৰজন বদলি হৈ যোৱাত ড্ৰেচাৰৰ দায়িত্ব পালন কৰিছে চকিদাৰ জনে| চিকিত্সালয় খনৰ সোপাঢিলা নীতিৰ সুযোগ লৈ স্থানীয় এগৰাকী দালালে চিকিত্সালয়তে বহি জন্মৰ প্ৰমান প্ৰমানপত্ৰৰ মুকলি বেহা আৰম্ভ কৰিছে | Conclusion:অসমৰ স্বাস্থ্য বিভাগত আমুল পৰিবৰ্তন কৰা বুলি ঢাক ঢোল বজোৱা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজৱ চিকিত্সালয় খনৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহন কৰে সেয়াই লক্ষনীয়|

বিদ্ৰ : ফাৰ্মাচিষ্টে চিকিত্সা কৰাৰ ফটো ভিজুৱেল দিয়া হৈছে
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.