ধুবুৰী,17এপ্ৰিলঃ হিতাধিকাৰী বাচনিৰ নামত দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে ধুবুৰী জিলাত ৷ ধুবুৰীৰ ভাষানীৰ চৰ পঞ্চায়তৰ সভানেত্ৰী হামিদা খাতুনৰ বিৰুদ্ধে এই অভিযোগ কৰিছে একাংশ পঞ্চায়ত সদস্যই ৷ অভিযোগ অনুসৰি,দীঘলীয়া লকডাউন হোৱাৰ পৰিপ্ৰেক্ষিতত দৰিদ্ৰ পৰিয়ালৰ সুবিধাৰ্থে চৰকাৰে ৰেচন কাৰ্ড থকা দৰিদ্ৰ পৰিয়ালক বিনামূলীয়া চাউল আৰু ৰেচন কাৰ্ড নথকা দৰিদ্ৰ পৰিয়ালক "প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা"ৰ অধীনত 1000 টকাকৈ এককালীন অনুদান মোকলাই দিছিল৷ ইয়াৰ পাছতেই ভাষানীৰ চৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী হামিদা খাতুনে পঞ্চায়তৰ আন আন সদস্যসকলক অৱগত নকৰাকৈ নিজৰ ইচ্ছা মতে দুশজনীয়া হিতাধিকাৰীৰ এখন তালিকা প্ৰস্তুত কৰি বিতৰণ কৰে এহেজাৰকৈ টকা কিন্তু এই তালিকাত ৰেচন কাৰ্ড থকা একাংশ পৰিয়ালক অন্তৰ্ভুক্ত কৰি টকা বিতৰণ কৰাৰ বিপৰীতে ৰেচন কাৰ্ড নথকা একাংশক বঞ্চিত কৰিলে সভানেত্ৰীগৰাকীয়ে৷ ইতিমধ্যে এই সন্দৰ্ভত পঞ্চায়তৰ সদস্যসকলে জিলা উপায়ুক্তক লিখিত অভিযোগ দিয়াৰ লগতে ইয়াৰ প্ৰতিলিপি বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰি নিৰপেক্ষ তদন্তৰো দাবী জনায়৷
ধুবুৰীত পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ - dhubri district
"প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনা"ৰ নামত দুৰ্নীতিৰ অভিযোগ ধুবুৰীৰ ভাষানীৰ চৰ পঞ্চায়তৰ সভানেত্ৰী হামিদা খাতুনৰ বিৰুদ্ধে ৷
![ধুবুৰীত পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ Panchayat president corruption at dhubri district](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6833137-257-6833137-1587135115126.jpg?imwidth=3840)