ETV Bharat / state

চাপৰত পুনৰ এজনৰ দেহত COVID-19 ৰ অৱস্থিতি

author img

By

Published : May 30, 2020, 11:21 AM IST

চাপৰত পুনৰ আন এগৰাকীৰ দেহত ধৰা পৰিছে COVID-19 ৰ অৱস্থিতি ৷ আক্ৰান্ত লোকজনৰ নাম আনোৱাৰ হুছেইন ৷ ইতিমধ্যে প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ কৰ্মীয়ে হুছেইনক বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ৷

ETV BHARAT
চাপৰত পুনৰ এজনৰ দেহত COVID-19 ৰ অৱস্থিতি

বিলাসীপাৰা, ৩০ মেঃ ধুবুৰী জিলাৰ চাপৰত পুনৰ আন এগৰাকী ব্যক্তি কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি জানিবলৈ পোৱা গৈছে ৷ আক্ৰান্ত লোকজনৰ নাম আনোৱাৰ হুছেইন ৷ আক্ৰান্ত আনোৱাৰ হুছেইন ১৯ মে’ত দিল্লীৰ পৰা আহিছিল ৷

One new COVID-19+ in Dhubri District

আনহাতে ২৪ মে’লৈ কোকৰাঝাৰত কোৱাৰেন্টাইন কেন্দ্ৰত আছিল আনোৱাৰ হুছেইন ৷ ইফালে ২৪ মে’ত হোম কোৱাৰেন্টাইনৰ নিৰ্দেশ প্ৰদান কৰিছিল প্ৰশাসনে ৷ হোম কোৱাৰেন্টাইনৰ ৫ দিন পিছত পুনৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত আনোৱাৰ হুছেইনৰ দেহত ধৰা পৰে COVID-19 ৷ আনোৱাৰ হুছেইনৰ ঘৰ চাপৰৰ শিমলাবাৰী তৃতীয় খণ্ডত বুলি জানিবলৈ পোৱা গৈছে ৷ ইতিমধ্যে নিশাতেই প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ কৰ্মী উপস্থিত হৈ হুছেইনক বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ৷ তাৰোপৰি, আনোৱাৰ হুছেইনৰ পৰিয়ালৰ সকলো সদস্যক স্বাৱ সংগ্ৰহ কৰি হোম কোৱাৰেন্টেইন কৰিব বুলি প্ৰশাসনে জানিবলৈ দিয়ে । উক্ত ঘটনাটো পোহৰলৈ অহাৰ পিছতেই ইতিমধ্যে সমগ্ৰ অঞ্চলটোত এতিয়া তীব্ৰ কৰ'ণাতংকৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক- লকডাউনৰ নিয়ম উলংঘা কৰি মহানগীৰত সুৰামত্ত গাড়ীচালকৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.