ধুবুৰী, 5 জুন: ধুবুৰীত প্ৰতিদিনে আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী । শনিবাৰে পুনৰ ধুবুৰীৰ এ এম কোঃ ৰোডৰ বগুলামাৰী অঞ্চলত গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিলে এজন ড্ৰাগছ সৰবৰাহকাৰীক ।
অঞ্চলটোৰ ইনচান আলী নামৰ এজন যুৱকৰ ঘৰৰ ভিতৰত অভিযান চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিলে ভিন্ন বিধৰ প্ৰায় তিনিশ টা ড্ৰাগছ জাতীয় টেবলেট । অভিযোগ অনুসৰি দীর্ঘ দিনৰে পৰা যুৱকজনে ড্ৰাগছৰ বেহা চলাই গৈছিল । তেনে এক গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাইছে যুৱকজনৰ ঘৰত ।
মাৰাত্মক ড্ৰাগছৰ অবৈধ বেহাৰ সৈতে জড়িত থকাৰ অভিযোগত এ এম কোঃ ৰোড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী ইনচান আলীক । আৰক্ষীয়ে ধৃত ব্যক্তিগৰাকীক সোধা-পোছাৰ বাবে আৰক্ষীৰ জিম্মাত আছে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : নলবাৰী সদৰ থানাত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা